ETV Bharat / state

Mysterious death:মঙলদৈত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Aug 2, 2022, 7:49 PM IST

চিপ লৈ থকা অৱস্থাত এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য বিৰাজ কৰিছে মঙলদৈত(Mysterious death body found at Mangaldoi) ৷ পৰিয়ালৰ লোকে মঙলদৈ থানাত নিশাৰ স্বামীগৃহৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ৷

Mysterious death body found at Mangaldoi
মঙলদৈত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মঙলদৈ, 2 আগষ্ট: মঙলদৈত ন বোৱাৰীৰ ৰহস্যজনক মৃত্যু(Mysterious death body found at Mangaldoi) । চিপ লোৱা অৱস্থাত উদ্ধাৰ হ'ল এগৰাকী ন বোৱাৰীৰ মৃতদেহ । সম্প্ৰতি এই ঘটনাক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি মঙলদৈ চমুৱাপাৰাত ।

মঙলদৈত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে, দুমাহ পূৰ্বে সামাজিক নীতি নিয়ম মৰ্মে মাহ হালধি সানি বিবাহ পাশত আৱদ্ধ হৈছিল নীশা ডেকা আৰু সৰুঔতলাৰ মহেশ ডেকা । অভিযোগ মতে, বিবাহৰ পিছৰে পৰাই পাৰিবাৰিক অশান্তিত ভুগিছিল নিশা ডেকাই । এই কথা জানিবলৈ দিয়ে নিশাৰ পৰিয়ালৰ লোকে ।

আনহাতে, সোমবাৰে সন্ধিয়া নিশা ডেকাৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনা কোনো কাৰণতেই সহজভাৱে ল'ব পৰা নাই বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে । নিশাৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে স্বামীৰ পৰিয়ালে নিশাক হত্যা কৰি ওলোমাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । এই সংক্ৰান্তত পৰিয়ালৰ লোকে মঙলদৈ থানাত নিশাৰ স্বামীগৃহৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া প্ৰকৃততে আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ।

লগতে পঢ়ক : একেখন গাঁৱতে হেৰাইছে ইজনীৰ পিছত সিজনী বোৱাৰী; স্বামীয়ে জগৰীয়া কৰিছে ম’বাইলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.