দৰং , 29 মে' : দুচকুত অযুত সপোন ছাত্ৰগৰাকীৰ ৷ হেপাহ প্ৰশাসনিক বিষয়া হোৱাৰ ৷ কিন্তু বিধৱা মাতৃয়ে দিন হাজিৰা নকৰিলে আখলত নজ্বলে জুই ৷
দৰং সীমান্তৱতী সাৰেং গাওঁৰ নিলোৎপল চহৰীয়া নামৰ এই গৰাকী ছাত্ৰই উচ্চতৰ মাধ্যমিক পৰিক্ষাত কলা শাখাত অপ্ৰাদেশীকৃত বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা 85.88 % নম্বৰ লৈ উত্তীৰ্ণ হৈছে ৷ ছাত্ৰ গৰাকীৰ ফলাফলত উৎফুল্লিত গাওঁবাসী ৷ সৰুতেই পিতৃক হেৰুওৱা নিলোৎপলে মাতৃ আৰু ভগ্নীৰ সৈতে এটা জুপুৰীতে থকা খোৱা আৰু পঢ়িবলগীয়া হয় ৷ নিজে পঢ়াৰ খৰছ উলিওৱাৰ উপৰিও পৰিয়ালটিৰ চাউলমুঠি যোগাৰ কৰিবলৈ টিউচন কৰে ছাত্ৰ -ছাত্ৰীক ৷ দিনহাজিৰা কৰি দুটাকৈ লৰা- ছোৱালীক পোহপাল দি ভাগৰি পৰিছে মাতৃও ৷ নি: সহায় মাতৃৰ কাতৰ আহ্বান সুহৃদ ৰাইজলৈ ৷ পিতৃহাৰা মেধাৱী পুত্ৰক কিঞ্চিৎ সহায়ৰ হাত আগবঢ়াবলৈ ৷ আমিও আশা কৰিম কোনো লোকে এই গৰাকী ছাত্ৰক সহায়ৰ হাত আগবঢ়াই সহায় - সহযোগ কৰিলে নিশ্চয় নিজৰ লক্ষ্যত উপনীত হব নিলোৎপল ৷