ছিপাঝাৰ,12 জুলাই : পুত্ৰই ছোৱালী পলুৱাই নিয়াৰ বাবে পিতৃক গণপ্ৰহাৰ ৷ দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৰাকাৰা চাপৰিত সংঘটিত হয় এই ঘটনা ৷ বিগত সপ্তাহত ধলপুৰ নিবাসী আজমল হকৰ পুত্ৰই গাঁৱৰেই এজনী ছোৱালীক পলুৱাই লৈ যায়। ল’ৰাই ছোৱালী পলুৱাই নিয়াৰ অপৰাধত বৃহস্পতিবাৰে লৰাজনৰ পিতৃ-মাতৃক ঘৰৰ পৰা মাতি আনি ৰাইজৰ আদালতত হাজিৰ কৰাই। কেইজন মান দেৱানীৰ নেতৃত্বত চলা বিচাৰত ল’ৰাজনৰ পিতৃ মাতৃক নিৰ্যাতন চলোৱা হয়। দেৱানীসকল ক্ৰমে শ্বহীদ আলী দেৱানী,সোণাৰুদ্দিন দেৱানী,মইনুল হক দেৱানী,হজৰত আলী দেৱানী আৰু অন্যান্য,বিচাৰৰ শেষত লৰা জনৰ পিতৃক 50 হাজাৰ টকাৰ জৰিমনা বিহা হয় ৷ প্ৰশাসনে সমাজৰ পৰা দেৱানী সকলৰ এই মৰেল পুলিচগিৰি আৰু অসামাজিক কাম-কাজবোৰ বন্ধ কৰাৰ বাবে দেৱানীসকলক আইনৰ আওতাত আনি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে দৰং জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
পুত্ৰই ছোৱালী পলুৱাই নিয়াৰ অপৰাধত পিতৃক গণপ্ৰহাৰ - গণপ্ৰহাৰ
পুত্ৰই ছোৱালী পলুৱাই নিয়াৰ অপৰাধত পিতৃক প্ৰহাৰ ৷ দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৰাকাৰা চাপৰিত সংঘটিত এই ঘটনা ৷ দেৱানীৰ বিচাৰত 50 হাজাৰ টকাৰ জৰিমনা
ছিপাঝাৰ,12 জুলাই : পুত্ৰই ছোৱালী পলুৱাই নিয়াৰ বাবে পিতৃক গণপ্ৰহাৰ ৷ দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৰাকাৰা চাপৰিত সংঘটিত হয় এই ঘটনা ৷ বিগত সপ্তাহত ধলপুৰ নিবাসী আজমল হকৰ পুত্ৰই গাঁৱৰেই এজনী ছোৱালীক পলুৱাই লৈ যায়। ল’ৰাই ছোৱালী পলুৱাই নিয়াৰ অপৰাধত বৃহস্পতিবাৰে লৰাজনৰ পিতৃ-মাতৃক ঘৰৰ পৰা মাতি আনি ৰাইজৰ আদালতত হাজিৰ কৰাই। কেইজন মান দেৱানীৰ নেতৃত্বত চলা বিচাৰত ল’ৰাজনৰ পিতৃ মাতৃক নিৰ্যাতন চলোৱা হয়। দেৱানীসকল ক্ৰমে শ্বহীদ আলী দেৱানী,সোণাৰুদ্দিন দেৱানী,মইনুল হক দেৱানী,হজৰত আলী দেৱানী আৰু অন্যান্য,বিচাৰৰ শেষত লৰা জনৰ পিতৃক 50 হাজাৰ টকাৰ জৰিমনা বিহা হয় ৷ প্ৰশাসনে সমাজৰ পৰা দেৱানী সকলৰ এই মৰেল পুলিচগিৰি আৰু অসামাজিক কাম-কাজবোৰ বন্ধ কৰাৰ বাবে দেৱানীসকলক আইনৰ আওতাত আনি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে দৰং জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
#ৰাজ্যত পুনৰ মৰেল পুলিচগিৰিৰ ঘটনা।
দৰং জিলাৰ কিৰাকাৰা চাপৰিৰ ৩ নং ধলপুৰৰ ঘটনা।
#পুত্ৰই ছোৱালী পলুৱাই নিয়াৰ বাবে পিতৃক গণপ্ৰহাৰ।
Body:পুলিচগিৰিৰ ঘটনা। জানিব পৰা মতে দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৰাকাৰা চাপৰিৰ ৩ নং ধলপুৰ নিবাসী আজমল হকৰ পুত্ৰই এক সপ্তাহ আগতে গাঁৱৰেই এজনী ছোৱালীক পলুৱাই লৈ যায়।
লৰাই ছোৱালী পলুৱাই নিয়াৰ অপৰাধত বৃহস্পতিবাৰে লৰাজনৰ পিতৃ-মাতৃক ঘৰৰ পৰা মাতি আনি ৰাইজৰ আদালতত হাজিৰ কৰাই। কেইজন মান দেৱানীৰ নেতৃত্বত চলা বিচাৰত লৰা জনৰ পিতৃ মাতৃক জঘন্য আৰু পাশৱিক নিৰ্য্যাতন চলোৱা হয়। দুজন দেৱানীৰ নিৰ্দেশ মৰ্মে ব্যক্তিজনৰ হাত-ভৰি বান্ধিছে আৰু উপস্থিত কেইবাজনো দেৱানীয়ে মানুহ জনৰ ওপৰত অকথ্য নিৰ্য্যাতন চলাই গৈছে।দেৱানী সকল ক্ৰমে শ্বহীদ আলী দেৱানী, সোণাৰুদ্দিন দেৱানী,মইনুল হক দেৱানী,হজৰত আলী দেৱানী আৰু অন্যান্য,বিচাৰৰ শেষত লৰা জনৰ পিতৃৰ ওপৰত ৫০,০০০ টকা জৰিমনা কৰে। ।
Conclusion:প্ৰশাসনে সমাজৰ পৰা দেৱানী সকলৰ এই মৰেল পুলিচগিৰি আৰু অসামাজিক কাম-কাজবোৰ বন্ধ কৰাৰ বাবে দেৱানী সকলক আইনৰ আওতাত আনি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে দৰং জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে
Debabrat goswami