ETV Bharat / state

ছিপাঝাৰত যুৱকৰ আত্মহত্যাৰ চেষ্টা,আৰক্ষীলৈ অভিযোগ - দৰং জিলাৰ ছিপাঝাৰ

আৰক্ষীয়ে দিয়া মানসিক চাপৰ বাবেই আত্মহত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ পৰিয়ালৰ লোকৰ ৷ ঘটনা সম্পৰ্কে আৰক্ষী অধীক্ষক পৰিয়ালে দাখিল কৰিলে লিখিত অভিযোগ ৷ যুৱকজনৰ অৱস্থা সংকটজনক বুলি জনালে পৰিয়ালৰ লোকে ৷

ছিপাঝাৰত যুৱকৰ আত্মহত্যাৰ চেষ্টা
ছিপাঝাৰত যুৱকৰ আত্মহত্যাৰ চেষ্টা
author img

By

Published : Jun 27, 2020, 5:15 AM IST

Updated : Jun 27, 2020, 7:53 AM IST

ছিপাঝাৰ, 27 জুনঃ দৰং জিলাৰ ছিপাঝাৰত এজন যুৱকে আত্মহত্যা কৰিব বিচৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিয়নো ইমৰাণ হুচেইন নামৰ যুৱকজনে আৰক্ষীয়ে দিয়া মানসিক চাপৰ বাবেই আত্মহত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷

পৰিয়ালে অভিযোগ কৰা আৰক্ষী বিষয়া
পৰিয়ালে অভিযোগ কৰা আৰক্ষী বিষয়া

অভিযোগ অনুসৰি ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰ কলিতাই যুৱকজনক মানসিক অত্যাচাৰ কৰিছিল ৷ ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ 2 নং মাজৰ গাওঁৰ ইমৰাণ হুচেইনৰ বিৰুদ্ধে স্থানীয় আফতাজুলৰ পৰিয়ালে দিয়া এক গোচৰৰ ভিত্তিত তদন্তৰ বাবে ঘৰত গৈ ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে পৰিয়ালৰ লোকক দাবী ধমকি দিয়াৰ লগতে অশ্লীল গালি গালাজ কৰে ৷ ইয়াৰ উপৰিও দিনে নিশাই ফোন কৰি দাবী ধমকি দিয়াৰ লগতে ধন দাবী কৰে ৷ উপায়ন্তৰ হৈ যুৱকজনে আত্মহত্যাৰ চেষ্টা চলাবলগীয়া হয় ৷ এই অভিযোগ পৰিয়ালৰ লোকৰ ৷

ছিপাঝাৰত যুৱকৰ আত্মহত্যাৰ চেষ্টা

বিষয়টো সম্পৰ্কে ইমাৰণৰ মাতৃ আৰু ভংগীয়ে দৰং জিলা আৰক্ষী অধীক্ষকক শুকুৰবাৰে লিখিত অভিযোগ দিয়ে ৷ এইক্ষেত্ৰত পৰিয়ালৰ লোকে আৰক্ষী বিষয়া গৰাকীৰ ওপৰত ব্যৱস্থা ল’বলৈ দাবী জনাইছে । ইফালে ইমৰাণ সংকটজনক অৱস্থাত আছে বুলি প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ শ শ বন্তিৰ আলোকিত হ'ল মা-কামাখ্যা ধাম

Last Updated : Jun 27, 2020, 7:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.