খাৰুপেটীয়া, 7 আগষ্ট : ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে দৰং জিলাৰ খাৰুপেটীয়াত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷ খাৰুপেটীয়াৰ কামাৰপাৰা গাঁৱত সংঘটিত হয় অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় 2 টাকৈ বাসগৃহ ৷
তথ্য অনুসৰি, দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱৰ ইব্ৰাহীম আলী আৰু আব্দুল কৰিমৰ পৰিয়ালৰ মাজত বিগত এবছৰৰ পৰা চলি আছিল পাৰিবাৰিক কন্দল । বৃহস্পতিবাৰৰ নিশা আব্দুল কৰিম নামৰ লোকজনৰ পৰিয়ালৰ লোকে ইব্ৰাহীমৰ আলীৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰি 2 টাকৈ ঘৰত অগ্নিসংযোগ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।
অগ্নিকাণ্ডত ইব্ৰাহীমৰ আলীৰ 2 টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে মটৰ চাইকেল, আচবাব পত্ৰ, আ-অলংকাৰ সহ কেইবা লাখ টকাৰ সম্পত্তি অগ্নিত জাহ যোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : গোলাঘাটত দলঙৰ অভাৱত প্ৰাণ গ'ল এজনৰ