ETV Bharat / state

আজিকোপতি মেৰামতি নহ'ল ভগা মথাউৰি - মঙলদৈ

মঙলদৈত নোৱা নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল ৷ জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত খেলিমেলি হোৱাৰ বাবেই পানী সোমোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

আজিকোপতি মেৰামতি নহ'ল ভগা মথাউৰি
author img

By

Published : May 7, 2019, 8:03 PM IST

মঙলদৈ, 7 মে': মঙলদৈত যোৱা বছৰতে ভাগি যোৱা মথাউৰিৰ আজিকোপতি মেৰামতি কৰা নহ'ল ৷ ইয়াৰ ফলত বহাগৰ প্ৰথমজাক বৰষুণতে নোৱা নদীৰ বাঢ়নী পানী সোমাই প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল ৷ নগৰবাহী গাওঁ,কানাই চুবুৰী,উপহুপৰা অঞ্চল অনাগত বানতে প্ৰায় বুৰ যোৱাটো নিশ্চিত হৈ পৰিছে ৷ জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত খেলিমেলি হোৱাৰ বাবেই পানী সোমোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

আজিকোপতি মেৰামতি নহ'ল ভগা মথাউৰি

ইয়াৰ ফলত অঞ্চলটোৰ ৰাইজ এতিয়া জাঙুৰ খাই উঠাৰ লগতে মথাউৰি পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখযোগ্য যে,নগৰবাহীৰ কাষেদি বৈ যোৱা নোৱা নদীৰ মথাউৰিটো আজিলৈকে সম্পূৰ্ণকৈ তৈয়াৰ নকৰিলে জলসম্পদ বিভাগে।

Slug..as_drg_broken embankment_vis01_as10006  【FTP KARUSO】VIS01_BYTE_02

# মঙলদৈত বিগত বছৰত ভগা মথাউৰী আজিও নহল মেৰামতি
# জলসম্পদ বিভাগৰে নহয়, জলসিঞ্চন বিভাগৰ মথাউৰিও মুক্ত হৈ ৰৈছে।
# বহাগৰ প্ৰথম জাক বৰষুণত নোৱা নদীৰ বাঢ়নী পানী সোমাই প্লাবিত হল খেতি পথাৰ।
# নগৰবাহী গাওঁ, কানাই চুবুৰী, উপহুপৰা অঞ্চল অনাগত বানত বুৰ যোৱা নিশ্চিত।
# জলসম্পদ বিভাগৰ মাথাউৰী নিৰ্মাণত গণ্ডগোল থকাৰ বাবেই পানী সোমাল পানী সোমাল জলসিঞ্চন বিভাগৰ আঁচনিৰ ডোঙত ।
# ভাঙি নিলে জলসিঞ্চন বিভাগৰ মাথাউৰী ।

Vo..
 যোৱা বছৰ নোৱা নদীৰ বাঢ়নী পানীত ভগা দৰঙৰ নগৰবাহী গাওঁৰ জলসিঞ্চন বিভাগৰ মথাউৰী টো আজিও মেৰামতি নহল। যাৰ ফলত বহাগৰ প্ৰথম জাক বৰষুণত প্লাবিত হল বিস্তীৰ্ণ অঞ্চল। ফলত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ। দাবী উঠিছে মথাউৰীটো পুনৰ নিৰ্মান কৰাৰ।
উল্লেখযোগ্য যে, নাগাৰবাহীৰ গাতে লাগি বৈ যোৱা নোৱা নদীৰ মথাউৰী টো আজি লৈকে সম্পূৰ্ণ কৰি নাবান্ধিলে জলসম্পদ বিভাগে। ফলত নদীৰ পানী বাঢ়িলেই গাঁও খনলৈ বিপদ আহে। ইমানদিনে জলসিঞ্চন বিভাগৰ মথাউৰীটোই গাঁও খন বচাই আছিল। কিন্তু যোৱা বছৰ মথাউৰীটো ভাগি যোৱাত বিপদৰ সৃষ্টি হৈছে। এই পানীয়ে মঙ্গলদৈ চহৰ আৰু 15নং ৰাষ্ট্ৰীয় ঘাই পথলৈ বিপদ আহি পৰিব।
এনে অৱস্থাত মথাউৰীটো ততকালে নিৰ্মাণৰ দাবী কৰিছে ৰাইজে.
DEBABRAT GOSWAMI.DARRANG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.