ETV Bharat / state

Bajrang Dal Arms training: মহৰ্ষি বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰশাসনিক বিষয়াক আটক

author img

By

Published : Aug 1, 2023, 10:03 PM IST

মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলে আয়োজন কৰা মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত ফাদিল হৈছে নতুন তথ্য । যোগ প্ৰশিক্ষণ শিবিৰৰ নামত মঙলদৈৰ মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ পৰা বজৰং দলে লৈছিল অনুমতি । ইফালে দৰং জিলা আয়ুক্তই এই সন্দৰ্ভত মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷

Bajrang Dal Arms training
মহৰ্ষি বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰশাসনিক বিষয়াক আটক

মঙলদৈ, ১ আগষ্ট: মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলে শিবিৰ পাতি অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দৰং আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াৰ পিছতে মঙলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । মঙলদৈ থানাত ৩৫৭নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ/৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে । আনহাতে নিশাই মহৰ্ষি বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰশাসনিক বিষয়াজনক আৰক্ষীয়ে আটক কৰে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় বজৰং দলে অস্ত্ৰ চালনাৰ প্রশিক্ষণ দিয়া সন্দৰ্ভত ছ‘চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই মঙলদৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আনহাতে মঙলদৈত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণকলৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়াৰ পাচতে ফাদিল হৈছে নতুন তথ্য । জানিব পৰা মতে যোগ প্ৰশিক্ষণ শিবিৰৰ নামত মঙলদৈৰ মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ পৰা বজৰং দলে লৈছিল অনুমতি । কর্মসংস্থাপন, নিচামুক্ত সমাজ গঢ়িবলৈ এই শিবিৰ আয়োজন কৰা বুলি বিদ্যালয় কর্তৃপক্ষক সংগঠনটিয়ে উল্লেখ কৰিছিল ।

বিদ্যালয় কৰ্তৃপক্ষৰ সকলো নিয়ম মানি চলাৰ কথা কৈছিল বজৰংগ দলে । বজৰং দলৰ সমদলৰ বিষয়ে সকলো কথা জিলা কৰ্তৃপক্ষই জানিছিল । এই সমদলৰ বাবে বজৰং দলে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুমতি লোৱাৰ কথাও পোহৰলৈ আহিছে । সোমবাৰে আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ অন্তত আৰক্ষীয়ে বজৰং দলে অস্ত্ৰ প্ৰশিক্ষণৰ নামত পুতলা পিষ্টল আৰু এয়াৰগান ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল । মঙলদৈ আৰক্ষীয়ে বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ বিৰুদ্ধে মঙলদৈ সদৰ থানাত গোচৰ ৰুজু কৰি আজি সোধপোছৰ বাবে মঙলদৈ সদৰ আৰক্ষীয়ে আটক কৰিছে মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষ হেমন্ত পায়েং আৰু ৰত্ন দাসক ।

ইপিনে মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ হৈ বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত পায়েঙে বিদ্যালয়খনত যোগ প্ৰশিক্ষণ আৰু নিচামুক্ত সমাজ গঢ়াৰ প্ৰশিক্ষণৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ বাবে ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুমতি লৈ পিছত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ দৰে ঘটনা সংঘটিত কৰাত বিদ্যালয়খনৰ সুনাম নষ্ট কৰাৰ অভিযোগ তুলিছে ৷ তেওঁ ইয়াৰ বিহিত তদন্ত কৰাৰ বাবেও আবেদন জনাইছে ৷ এজাহাৰত বজৰং দলৰ কৰ্মকৰ্তা অভিজিত ঘোষৰ নাম উল্লেখ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত পায়েঙে । ইপিনে বিদ্যালয়ত বজৰঙৰ অস্ত্ৰ প্ৰশিক্ষণৰ ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে দৰং জিলা আয়ুক্তই এই সন্দৰ্ভত মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মঙলবাৰে এজাহাৰ দাখিল কৰে ৷ ইফালে দৰং জিলা কংগ্ৰেছেও এই সন্দৰ্ভত জিলা আয়ুক্ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে থানাত এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক: Bajrang Dal Arms trainning: ডিজিপিৰ নিৰ্দেশৰ পিচতে বজৰং দলৰ বিৰুদ্ধে মঙলদৈত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.