ETV Bharat / state

Drinking Water Problem : দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত নলেৰে ওলাইছে মামৰ লগা খোৱাপানী - Drinking Water Supply

দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে বিশুদ্ধ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ দীৰ্ঘদিন ধৰি সমাধান নোহোৱা মহাবিদ্যালয়খনৰ খোৱা পানী সমস্যাটো সমাধানৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

Lack of pure drinking water in pandit deendayal upadhyay college Dalgaon
বিশুদ্ধ কোৱা পানীৰ বাবে হাহাকাৰ কৰিছে দীনদয়াল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে
author img

By

Published : Nov 14, 2021, 5:32 PM IST

Updated : Nov 14, 2021, 6:06 PM IST

দলগাঁও, 14 নৱেম্বৰ : দৰঙৰ দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ মহাবিদ্যালয়খনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আছে যদিও সেই পানী ব্যৱহাৰৰ উপযোগী নহয় ৷ দেখিলে আচৰিত হ'ব মহাবিদ্যালয়খনৰ খোৱা পানীৰ ৰং হালধীয়া ৷

মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই অভিযোগ কৰা মতে, দীৰ্ঘদিন ধৰি সমাধান নোহোৱা মহাবিদ্যালয়খনৰ খোৱা পানী সমস্যাটো সমাধানৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ তদুপৰি স্থানীয় বিধায়ক গৰাকীকো বহুবাৰ অৱগত কৰা হৈছিল যদিও কোনো সুফল নাপালে মহাবিদ্যালয়খনে ৷

ইফালে, মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে অভিযোগ কৰা মতে, খোৱা পানীতো দূৰৰে কথা, practical কামৰ বাবেও প্ৰয়োজনীয় পানী ক্ৰয় কৰিবলগীয়া হয় শিক্ষাৰ্থী সকলে ৷ মহাবিদ্যালয়খনত পানীৰ ব্যৱস্থা আছে যদিও সেই পানীত অত্যন্ত আইৰণ থকাৰ বাবে ব্যৱহাৰ উপযোগী নহয় ৷ তদুপৰি পানীৰ অভাৱৰ বাবে মহাবিদ্যালয়খনৰ মহিলা প্ৰসাৱগাৰ অত্যন্ত লেতেৰা হৈ পৰা বুলি অভিযোগ কৰিছে শিক্ষাৰ্থী সকলে ৷

বিশুদ্ধ কোৱা পানীৰ বাবে হাহাকাৰ কৰিছে দীনদয়াল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

উল্লেখ্য যে, ৫ অক্টোবৰত আদৰ্শ মহাবিদ্যালয়খন পৰিদৰ্শন কৰি বিভিন্ন সমস্যা বিষয়ে বুজ লৈছিল শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু স্থানীয় বিধায়ক মজিবুৰ ৰহমানে । পৰিদৰ্শন কালত মন্ত্ৰীৰ লগতে বিধায়ক মজিবুৰ ৰহমানে এমাহৰ ভিতৰত উক্ত সমস্যাটো সমাধান কৰাৰ বাবে ৰাজহুৱা ভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতিয়ে আজিকোপতি বাস্তৱৰূপ নাপালে ৷

গতিকে, অতি গুৰুত্বপূৰ্ণ পানী সমস্যাটো সমাধানৰ বাবে স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক পুনৰবাৰ দাবী জনাইছে শিক্ষাৰ্থীৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ৷

লগতে পঢ়ক: অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

Last Updated : Nov 14, 2021, 6:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.