দলগাঁও, ১৭ আগষ্টঃ খাৰুপেটীয়া পৌৰ সভাৰ দায়িত্বজ্ঞানহীন কাণ্ডই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যৱসায়ীসকলক । উল্লেখ্য যে দৰঙৰ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত এমাহ পূৰ্বে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি যোৱা এটা নলা মেৰামতিৰ বাবে জেচিবিৰে গাঁত খান্দি মেৰামতিৰ কাম আৰম্ভ কৰে । অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে জেচিবিৰে বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁত খান্দি নলা মেৰামতিৰ কাম বিষয়া কৰ্মচাৰীসকলে সম্পূৰ্ণ কৰে যদিও উক্ত বৃহৎ আকাৰৰ উন্মক্ত গাতে অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যবসায়ীসকলক । সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখত বৃহৎ আকাৰৰ গাঁত খান্দি পকী নলা নিৰ্মাণৰ পৰিৱৰ্তে বাঁহৰ খুটা আৰু মাটিৰ বস্তা পেলায়ে দায়িত্ব সামৰে খাৰুপেটীয়া পৌৰ সভাই । যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
খাৰুপেটীয়া পৌৰ সভাৰ দায়িত্বজ্ঞানহীন কাণ্ড, বালিৰ বস্তা, বাঁহ পুতি নলা নিৰ্মাণ - municipal-board
খাৰুপেটীয়া পৌৰ সভাৰ দায়িত্বজ্ঞানহীন কাণ্ড । নলা নিৰ্মাণৰ নামত হাৰাশাস্তি ভূগিছে স্থানীয় ৰাইজে । পকী নলা নিৰ্মাণৰ পৰিৱৰ্তে বালিৰ বস্তা, বাঁহ পুতি সামৰিলে দায়িত্ব ।
দলগাঁও, ১৭ আগষ্টঃ খাৰুপেটীয়া পৌৰ সভাৰ দায়িত্বজ্ঞানহীন কাণ্ডই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যৱসায়ীসকলক । উল্লেখ্য যে দৰঙৰ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত এমাহ পূৰ্বে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি যোৱা এটা নলা মেৰামতিৰ বাবে জেচিবিৰে গাঁত খান্দি মেৰামতিৰ কাম আৰম্ভ কৰে । অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে জেচিবিৰে বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁত খান্দি নলা মেৰামতিৰ কাম বিষয়া কৰ্মচাৰীসকলে সম্পূৰ্ণ কৰে যদিও উক্ত বৃহৎ আকাৰৰ উন্মক্ত গাতে অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যবসায়ীসকলক । সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখত বৃহৎ আকাৰৰ গাঁত খান্দি পকী নলা নিৰ্মাণৰ পৰিৱৰ্তে বাঁহৰ খুটা আৰু মাটিৰ বস্তা পেলায়ে দায়িত্ব সামৰে খাৰুপেটীয়া পৌৰ সভাই । যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
Byte= Public / Businessman
## খাৰুপেটীয়া পৌৰ সভাৰ কামৰ নমুনা
।## নলা নিৰ্মাণৰ নামত হাৰাশাস্তি ।
## ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰকান্ড গাত খান্দি নিৰৱতা অবলম্বন ।
## পকী নলা নিৰ্মাণৰ পৰিবৰ্তে বালিৰ বস্তা , বাঁহ পুতি সামৰিলে দায়িত্ব ।
Body:
দলগাও /১৭ আগষ্ট
খাৰুপেটীয়া পৌৰ সভাৰ দায়িত্ব জ্ঞানহীন কাণ্ডই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যবসায়ী সকলক । দৰঙৰ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত এমাহ পূৰ্বে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি যোৱা নলা এটা মেৰামতিৰ বাবে জেচিবিৰে গাত খান্দি নলা মেৰামতিৰ কাম আৰম্ভ কৰে পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকলে । অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে জেচিবিৰে বৃহত আকাৰৰ পুখুৰী সদৃশ গাত খান্দি নলা মেৰামতিৰ কাম বিষয়া কৰ্মচাৰী সকলে সম্পূৰ্ণ কৰে যদিও উক্ত বৃহত আকাৰৰ উন্মক্ত গাতে অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যবসায়ী সকলক । সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ব্যবসায়ী প্ৰতিষ্ঠানৰ সন্মুখত বৃহত আকাৰৰ গাত খান্দি পকী নলা নিৰ্মাণৰ পৰিবৰ্তে বাঁহৰ খুটা আৰু মাটিৰ বস্তা কেইটামান পেলাই দায়িত্ব সামৰে বিজেপি নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভাই ।
Conclusion:
কেন্দ্ৰ, ৰাজ্যৰ লগতে বিজেপিৰ দখলত থকা পৌৰ সভাই এমাহ পূৰ্বে নলা মেৰামতিৰ নামত পুখুৰী সদৃশ গাত খান্দি উন্মক্ত কৰি ৰখা দায়িত্ব জ্ঞানহীন কান্ডই উদঙাই দিছে উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভাৰ উন্নয়নৰ প্ৰকৃত ছবি ।
আব্দুল হাকিম
দলগাও ।