ETV Bharat / state

পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

author img

By

Published : Aug 4, 2021, 3:35 PM IST

Updated : Aug 4, 2021, 4:00 PM IST

মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । কৃষি বিভাগৰ খাৰুপেটীয়া কৃষি খণ্ডৰ ADO জ্যোতিৰেখা দাসক গেপ্তাৰ কৰে । ১৫,০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।

মঙলদৈত উৎকোচ লৈ দুৰ্নীতি নিবাৰণ শাখাৰ জালত ADO জোতিৰেখা দাস

মঙলদৈ, 4 আগষ্ট : বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আকস্মিকভাৱ এক অভিযান চলায় মঙলদৈত । দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হয় খাৰুপেটীয়া কৃষি খণ্ডৰ ADO জ্যোতিৰেখা দাস । ১৫,০০০ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে জ্যোতিৰেখা দাসক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে ।

জানিবপৰা মতে, বিষয়া গৰাকীয়ে কৃষকক ধান বিক্ৰী কেন্দ্ৰৰ প্ৰমাণ প্ৰত্ৰ দিয়াৰ নামত লৈছিল ধন । বিষয়া গৰাকীৰ চাকৰি খাৰুপেটীয়াত যদিও মঙলদৈত ভাড়াঘৰত থাকে তেওঁ । ঘটনা অনুসৰি খাৰুপেটীয়াৰ জয়নাল আবেদিন নামৰ খেতিয়কজনৰ পৰা ধন দাবী কৰিছিল ADO জ্যোতিৰেখা দাসে ।

বুধবাৰে পুৱা প্ৰায় ১০ বজাত AS-12 Y 3794 স্কুটী খনেৰে ADO জোতিৰেখা দাসে আহি মঙলদৈৰ শান্তিপুৰত পথৰ ওপৰতে ধন লৈ থাকোতেই হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই । বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে শান্তিপুৰত থকা ভাড়াঘৰতো তালাচী চলাই অভিযানকাৰী দলটোৱে ।

পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক শাখাৰ উপ আৰক্ষী অধীক্ষক (DSP) মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত যোৱা ১৪ জনীয়া দল এটাই চলাইছিল অভিযান । সম্প্ৰতি ADO জ্যোতিৰেখা দাসক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনিছে বুলি জানিব পৰা গৈছে ।

মনকৰিবলগীয়া যে, ৰাজ্যত মুখ্যমন্ত্ৰীৰ শাসনভাৰ গ্ৰহণ কৰিয়েই দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ কথা কৈ আহিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰথমতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী সমূহৰ প্ৰচলন বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিছুদিন পূৰ্বে ধুবুৰীতো দুৰ্নীতি সংঘটিত কৰি চোৰাং ব্যৱসায়ীৰে হাত মিলোৱাৰ অভিযোগত আটক হৈছিল এগৰাকী আৰক্ষী বিষয়া ৷

লগতে পঢ়ক : ভুৱনেশ্বৰত 100% টিকাকৰণৰ দাবী পৌৰ নিগমৰ

Last Updated : Aug 4, 2021, 4:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.