মঙলদৈ, 26 এপ্ৰিল : পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত আউলাচৌকাৰ সৰুথেকেৰাবাৰীস্থ খাৰেজীয়া হাফিজীয়া মাদ্ৰাছাৰ নাম ফলকত কোনো দুষ্কৃতিকাৰীয়ে শুকুৰবাৰে নিশা মাদ্ৰাছাৰ নাম ফলকত ৰং ঘঁহি জয় শ্ৰীৰাম লিখি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । মঙলদৈ চহৰৰ আউলাচৌকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাদ্ৰাছাখনলৈ যোৱাৰ পথত লোৰে নিৰ্মিত নাম ফলকখনত কৰা এনে কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে আউলাচৌকাবাসীয়ে।
![মাদ্ৰাছাৰ নামফলকত ৰং ঘঁহি লিখিলে জয় শ্ৰীৰাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6945421_342_6945421_1587881891526.png)
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ প্ৰথম পুৱাতে দেখা এনে কাৰ্যক গৰিহণা দিয়ে মাদ্ৰাছাখনৰ পৰিচালনাৰ সমিতিৰ সম্পাদক চৰিফুল আলমসহ স্থানীয় ৰাইজে। সম্পাদক চৰিফুল আলমে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে,এটা অপশক্তিয়ে এই ঠাইখনত কালিমা সানিবলৈ চেষ্টা কৰিছে যিটো অতি দুৰ্ভাগ্যজনক কথা ৷ ইয়াত জাতি-ভেদৰ কোনোধৰণৰ কথা নাই ৷ যি ভাষাৰে নহওক কিয় অথবা যি ধৰ্মৰে নহওক কিয়, এখন শিক্ষানুষ্ঠানৰ নাম ফলকত ৰং ঘঁহি এই অপশক্তিয়ে সমাজত বিভেদ আনিব বিচাৰিছে । ইতিমধ্যে মাদ্ৰাছা পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰিছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : চিৰাঙত বিশ্ব মেলেৰিয়া দিৱস পালন