ETV Bharat / state

আভ্যন্তৰীণ জল পৰিৱহন বিভাগত বৃহৎ চিণ্ডিকেট - Inland Water Transport Department Assam scam

দৰঙৰ খাৰুপেটীয়া হৈ 2 নং মাগুৰমাৰী আৰু মৰিগাঁও জিলাৰ ভুৰাগাঁও পাৰঘাটেৰে প্ৰতিদিনে আহা যোৱা কৰে শতাধিক যাত্ৰীয়ে ৷ পাৰঘাটত প্ৰতিজন যাত্ৰীৰ পৰা 60 টকা, বাইকৰ বাবদ 100 আৰু চাইকেলৰ বাবদ সংগ্ৰহ কৰা হয় 20 টকাকৈ ৷ আনহাতে, বিভাগীয় অনুমতি অবিহনে প্ৰশাসনৰ চকুত ধুলি দি বিপদ সংকুলভাৱে ভটভটী নাৱেৰে অনা নিয়া কৰা হয় যাত্ৰী ৷

Inland Water Transport Department scam at Darang
আভ্যন্তৰীণ জল পৰিৱহন বিভাগত বৃহৎ চিণ্ডিকেট
author img

By

Published : Nov 27, 2019, 5:22 PM IST

দৰং, 27 নৱেম্বৰঃ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিৱহন বিভাগত চলিছে লাখ লাখ টকাৰ চিণ্ডিকেট ৷ বিগত বৰ্ষত লাখ টকাত নিবিদাত দিয়া দৰঙৰ খাৰুপেটীয়া পাৰঘাটক লৈ চলিছে বৃহৎ চিণ্ডিকেট ৷ যাৰ ফলত অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিৱহন বিভাগে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ ৷

মৰিগাঁও জিলাৰ ভুৰাগাঁও পাৰঘাট

উল্লেখ্য যে, দৰঙৰ খাৰুপেটীয়া হৈ 2 নং মাগুৰমাৰী আৰু মৰিগাঁও জিলাৰ ভুৰাগাঁও পাৰঘাটেৰে প্ৰতিদিনে আহা যোৱা কৰে শতাধিক যাত্ৰীয়ে ৷ পাৰঘাটত প্ৰতিজন যাত্ৰীৰ পৰা 60 টকা, বাইকৰ বাবদ 100 আৰু চাইকেলৰ বাবদ সংগ্ৰহ কৰা হয় 20 টকাকৈ ৷ আনহাতে, বিভাগীয় অনুমতি অবিহনে প্ৰশাসনৰ চকুত ধুলি দি বিপদ সংকুলভাৱে যন্ত্ৰচালিত নাৱেৰে অনা নিয়া কৰা হয় যাত্ৰী ৷ দুচকীয়া বাহনৰ লগতে অন্যান্য সামগ্ৰী পাৰ কৰাৰ বাবে প্ৰতিমাহে সংগ্ৰহ কৰা হয় লাখ লাখ টকা ৷

এতিয়া প্ৰশ্ন হয় কাৰ অনুমতিত দীৰ্ঘদিন ধৰি পাৰঘাটটোত অবৈধ ভাৱে সংগ্ৰহ কৰি অহা হৈছে ধন ৷ সম্প্ৰতি এই বিষয়ত নিমাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আভ্যন্তৰীণ জল পৰিৱহন বিভাগত চলি থকা এই চিণ্ডিকেটৰ বিৰুদ্ধে অঞ্চলটোৰ স্থানীয় ৰাইজে অতি শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক- ৰাজ্যত নিষিদ্ধ হ'ল গুটখা

Intro:এটেনচন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
## আভ্যন্তৰীণ জল পৰিবহন বিভাগত বৃহত চিণ্ডিকেট ।
## মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগত নিবিদা অবিহনে চলিছে লাখ টকা টকাৰ পাৰঘাট ।
## চৰকাৰে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ ।
## কাৰ নেতৃত্বত চলিছে দৰঙৰ খাৰুপেটীয়া পাৰঘাটত এই চিন্ডিকেট ?

Body:
অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগত চলিছে লাখ লাখ টকাৰ চিণ্ডিকেট । বিগত বৰ্ষত লাখ লাখ টকাত নিবিদাত দিয়া দৰঙৰ খাৰুপেটীয়া পাৰঘাটক লৈ চলিছে লাখ টকাৰ বৃহৎ চিণ্ডিকেট । ফলত অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে হেৰুৱাইছে বৃহত পৰিমাণৰ ৰাজহ ।
উল্লেখযোগ্য যে দৰঙৰ খাৰুপেটীয়া হৈ ২ মাগুৰমাৰী (কালাইৰ চৰ )আৰু মৰিগাঁও জিলাৰ ভুৰাগাও পাৰ ঘাটেৰে দৈনিক অহা যোৱা কৰে শতাধিক যাত্ৰী । দৰং জিলাৰ খাৰুপেটীয়াৰ ২ নং মাগুৰমাৰী আৰু মৰিগাঁও জিলাৰ ভুৰাগাও পাৰঘাটৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰে চলাচল কৰা যাত্ৰীবাহী ভটভটি নাৱেৰে যাত্ৰীৰ লগতে অনা নিয়া কৰা হয় বাইক ছাইকেল ও বিভিন্ন ধৰণৰ সা-সামগ্ৰী । প্ৰতিজন যাত্ৰী পৰা ৬০ টকা , বাইক ১০০ টকা আৰু ছাইকেলৰ বাবদ সংগ্ৰহ কৰা হয় ২০ টকাকৈ । বিভাগীয় অনুমতি অবিহনে বিপদ সংকুল ভাবে ভটভটি নাৱেৰে প্ৰশাসনৰ চকুত ধূলি দি দৈনিক অনা নিয়া কৰা যাত্ৰী , দুচকীয়া বাহন ও অনান্য সা সামগ্ৰীৰ পৰা মাহেকত সংগ্ৰহ কৰা হয় লাখ লাখ টকা, এই লাখ লাখ টকাক লৈ বৰ্তমান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিয়াগোম বিভাগটোত চলিছে এই বৃহত চিণ্ডিকেট । চৰকাৰৰ বৃহত পৰিমাণৰ ৰাজহ ফাকি দি একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত দীৰ্ঘদিন ধৰি পাৰঘাটৰ পৰা অবৈধ ভাৱে সংগ্ৰহ কৰা এই লাখ লাখ টকা কাৰ পকেটত যায় ? কাৰ নেতৃত্বত চলিছে চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগত এই চিন্ডিকেট ?
Conclusion:Debabrat goswami darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.