ETV Bharat / state

দৰঙত 28জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত দৰঙত ২৮ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ দৰং জিলাৰ চাৰিটা বিধান সভা সমষ্টিৰ বিপৰীতে মুঠ ২৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

দৰঙত 28জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল
দৰঙত 28জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল
author img

By

Published : Mar 13, 2021, 7:13 AM IST

মঙলদৈ,13 মাৰ্চ: সমাগত বিধান সভা নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো দল-সংগঠন, ৰাজনৈতিক নেতা এতিয়া সক্ৰিয় হৈ পৰিছে ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে নিজ নিজ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা সকলো নেতাই দাখিল কৰিছে মনোনয়ন ৷ শুকুৰবাৰে দৰং জিলাৰ চাৰিটা বিধান সভা সমষ্টিৰ বিপৰীতে মুঠ ২৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ৬৫ নং কলাইগাঁও বিধান সভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন মন্ত্ৰী দুৰ্গা দাস বড়ো, ভাৰতীয় জনতা পাৰ্টীৰ মধুৰাম ডেকা, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ ভগৱান ডেকা, অসম জাতীয় পৰিষদৰ যাদৱ শইকীয়া, ইউপিপিএলৰ কামাল আজাদ, এছইউচিআইৰ জিতেন্দ্ৰ চলিহা, নিৰ্দলীয় কানুৰাম শইকীয়া, দুলাল কুমাৰ বৰুৱা, ৰাকেশ বড়ো, পংকজ অসমীয়া, কামাল চৌধুৰী আৰু ৰাধেশ্যাম চৌহানে মনোনয়ন পত্ৰ দাখিল কৰে ।

আনহাতে, ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কুলদীপ বৰুৱা, অসম জাতীয় পৰিষদৰ গীতিকা কাকতি, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ হৰেশ্বৰ ডেকা, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ আছিফুন নেছা, নিৰ্দলীয় অৰুণ বৰুৱা আৰু অমিয় কুমাৰ ডেকাই মনোনয়ন পত্ৰ দাখিল কৰে । ৬৭ নং মঙলদৈ (অনুসূচিত) বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বসন্ত দাস, অসম জাতীয় পৰিষদৰ গকুল বৰুৱা, এআইইউডিএফৰ মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ জিতেন্দ্ৰ সৰকাৰ আৰু নিৰ্দলীয় ৰণেন্দ্ৰ সৰকাৰে মনোনয়ন পত্ৰ দাখিল কৰে । একেদৰে ৬৮ নং দলগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইলিয়াছ আলী, অসম গণ পৰিষদৰ হবিবুৰ ৰহমান, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ ছাইফুল হক, আৰু নিৰ্দলীয় আৰব আলীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

অন্য এক খবৰৰ বাবে:কংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.