দৰং, 16 নবেম্বৰ : ওদালগুৰিৰ ননৈ চেৰফাং সমষ্টিৰ বিজেপিৰ বিশাল জনসভাত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিটিচিত এতিয়া নিৰ্বাচনী বতাহৰ প্ৰকোপ তীব্ৰগতিত চলিছে ৷ প্ৰতিদিনে প্ৰতিটো ৰাজনৈতিক দলে শক্তি প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি আহিছে ।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত এখনৰ পাছত আন এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ৷ দেওবাৰে অৰংগাজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে বিটিচিত এইবাৰ বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিব । ভাষণৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীৰ লগতে বিধায়িকা কমলী বসুমতাৰী,মন্ত্ৰী ৰিহন দৈমাৰীক তীব্ৰ সমালোচনা কৰে হিমন্তই ৷
আগন্তুক পৰিষদীয় নিৰ্বাচনত বিটিচিত পৰাজিত হ'ব হাগ্ৰামা বাহিনী ৷ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু চৰকাৰ গঠন হ'লেই জেললৈ প্ৰেৰণ কৰিব হাগ্ৰামাক ৷ ইয়াৰ পূৰ্বে মথনগুৰি পৰিষদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হাগ্ৰামাক মেকুৰী আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : হাগ্ৰামা মহিলাৰী মেকুৰীঃ হিমন্ত বিশ্ব শৰ্মা