মঙলদৈ,21মেঃ লক ডাউনৰ পৰিপেক্ষিতত সমগ্ৰ দেশতেই স্থবিৰতাই বিৰাজ কৰিছে ৷ দেশৰ শ্ৰমজীৱী জনসাধাৰণৰ জীৱিকাৰ ক্ষেত্ৰত আহি পৰিছে অশনি সংকট ৷ ইয়াৰ মাজতে দৰং জিলাৰ নাপিতসকলৰ জীৱিকাৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷
লক ডাউনৰ বাবে চেলুন সমূহ বন্ধ হৈ পৰাত নাপিতসকলৰ পৰিয়াল পোহপালৰ ক্ষেত্ৰত সৃষ্টি হৈছে যথেষ্ট অসুবিধাৰ ৷ এই বিপযৰ্য়ৰ সময়তে বুধবাৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে আৰেং বালিচুক সভাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰি দৰং জিলাৰ প্ৰায় তিনি শতাধিক নাপিতক চাউল, দাইল, মিঠাতেল, আলু, গাখীৰ ইত্যাদি অত্যাৱশকীয় খাদ্য সামগ্ৰী যোগান ধৰি লক ডাউনৰ সময়চোৱাত কিছু সকাহ দিয়াৰ চেষ্টা কৰে ৷

উল্লেখযোগ্য যে, সাহাৰ্য্য প্ৰদান অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাসৰ লগতে উপস্থিত থাকে মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃ সম্পুৰ্ণ দৰমহাৰ দাবীত ধুনশ্ৰী চাহ বাগিছাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ