দলগাঁও, 24 অক্টোবৰ : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতেই জুৱাৰীৰ আক্ৰমণত দলগাঁৱত আহত হয় 4 জন যুৱক ৷ কিছুদিন পূৰ্বে দলগাঁও থানাৰ অন্তৰ্গত 2 নং শিয়ালমাৰী গাঁৱত চিত্ৰহাৰ আৰু মুকলিভাৱে চলা বৃহৎ জুৱা খেলত বাধা প্ৰদান কৰিছিল আবু বক্কৰ ছিদ্দিক প্ৰধানী আৰু খালিমুল ইছলাম প্ৰধানী নামৰ যুৱক দুজনে । এই কাৰ্যৰ পোতক তোলাৰ বাবে জুৱাৰীৰ এটা বৃহৎ দলে যুৱক দুজনৰ লগতে দুই সহযোগীক বাঁহ, লাঠি, ৰ'ডেৰে খেদি খেদি গুৰুতৰভাৱে আহত কৰে ৷ আহত চাৰি যুৱকক খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আহত বিল্লাল আলীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
ঘটনাৰ পাচতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু হাতে হাতে লাঠি-বাঁহ লৈ জুৱাৰীৰ বৃহৎ দলটোক পহু খেদা দিয়ে ৷ ঘটনা সন্দৰ্ভত যুৱক কেইজনৰ অভিভাৱকে 17 জনকৈ লোকৰ বিৰুদ্ধে দলগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
উল্লেখ্য যে, দলগাঁও থানাৰ অন্তৰ্গত 2 নং শিয়ালমাৰী বজাৰত দীৰ্ঘদিন ধৰি মুকলিভাৱে জুৱাখেল চলি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷