ETV Bharat / state

Birds death in Net in Dalgaon: বগৰী খেতিৰ জালত পৰি চৰাইৰ মৃত্য়ু

দলগাঁৱত কৃষকৰ জাল চৰাইৰ বাবে হৈছে কাল (Birds killing in Dalgaon)। জালত পৰি মৃত্যুমুখত পৰিছে বহুতো চৰাই । বন বিভাগে জ্বলাই দিলে জাল ।

Birds death in Net at Dalgaon
কৃষকৰ জাল চৰাইৰ বাবে হৈছে কাল
author img

By

Published : Mar 25, 2023, 5:52 PM IST

বগৰী খেতিৰ জালত পৰি চৰাইৰ মৃত্য়ু

দলগাঁও,২৫ মাৰ্চ: শাক পাচলিৰ লগতে দলগাঁও সমষ্টিৰ বিঘাই বিঘাই কৰা হৈছে বিভিন্ন প্ৰজাতিৰ বগৰী খেতি । বিভিন্ন ধৰণৰ বগৰীৰ লগতে ফল-মূলৰ খেতি চৰাই-চিৰিকতি আদিৰ পৰা সুৰক্ষিত কৰিবলৈ কৃষকে ব্যবহাৰ কৰি আহিছে জাল । এই জালত পৰি মৃত্যুমুখত পৰিছে বহুতো চৰাই (Birds death in Net at Dalgaon)। ইয়াকে লৈ প্ৰকৃতিপ্ৰেমী ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । ইতিমধ্য়ে বন বিভাগৰ লোকে এই জালসমূহ আঁতৰাই ভৱিষ্য়তে ইয়াৰ ব্য়ৱহাৰ নকৰিবলৈ সকীয়াই দিছে এইসকল কৃষকক ।

দলগাঁও সমষ্টিত কৃষকৰ খেতি পথাৰৰ এই জালত পৰি বহু চৰাইৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ পিচতেই সমষ্টিটোৰ বিভিন্ন ঠাইত অভিযান‌ চলাইছে বন বিভাগৰ দলে । এই দলটোৱে দলগাঁৱৰ উপৰি, খাৰুপেটীয়া, বেছিমাৰীৰ অঞ্চলৰ বিভিন্ন খেতিপথাৰত উপস্থিত হৈ ফল-মূলৰ খেতি পথাৰত লগোৱা জালসমূহ খুলি জ্বলাই দিয়ে (Forest department fired net in Dalgaon) । এই দলটোৱে লগতে জালত আৱদ্ধ হৈ থকা বহু চৰাই উদ্ধাৰ কৰি মুকলি আকাশতলৈ উৰি যাবৰ বাবে এৰি দিয়ে ৷

উল্লেখ্য যে, কৃষি প্ৰধান অঞ্চল দলগাঁও সমষ্টিৰ একাংশ খেতিয়কে বগৰি খেতিৰ লগতে আন ফল-মূলৰ খেতি যাতে চৰাইয়ে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে খেতিপথাৰ হাজাৰ হাজাৰ টকা খৰচ কৰি জালেৰে আৱৰি সুৰক্ষিত কৰি ৰাখে ৷ ফল-মূল ৰক্ষাৰ বাবে এইসমূহ জালত ব্যবহাৰ কৰা হয় যদিও বৰ্তমান হিতে বিপৰীত হোৱা পৰিলক্ষিত হৈছে বিভিন্ন অঞ্চলত । জালত পৰি মৃত্যু হৈছে বহুতো চৰাইৰ । সেয়েহে বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃত্যু হোৱাত প্ৰকৃতি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অভিযান আৰম্ভ কৰে বন বিভাগৰ দলেটোৱে । বন বিভাগৰ দলটোৱে বিভিন্ন গাঁৱত অভিযান চলাই খেতিপথাৰৰ পৰা জালসমূহ খুলি জ্বলাই দিয়াৰ লগতে কৃষক সকলক ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকিয়াই দিয়ে ।

লগতে পঢ়ক:Rahul Gandhi Modi Surname Row : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতা, ৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.