দলগাঁও,১৫ জুলাই: এফালে ক'ৰণা ভাইৰাছৰ আতংক,আনফালে ৰাজ্যৰ চৌদিশে সংহাৰী বানৰ ধ্বংসলীলা । ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে দৰঙতো চলিল বছৰৰ দ্বিতীয়টো প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ । জিলাখনৰ দলগাঁৱৰ বিস্তৃত অঞ্চল এতিয়া সংহাৰী বানৰ কৱলত। বানৰ এই ধ্বংসলীলাত বিচিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থাওঁ ।

ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ উফন্দি উঠা বাঢ়নী পানীয়ে দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কোনাকাটাপাৰা,খেৰনী,আৰিমাৰি,ধৰনীপুৰ,শ্যামপুৰ,বদলি বৰালি, মাগুৰমাৰী,বাইগৰমাৰী,ৰৌমাৰি চাপৰি,শিয়ালমাৰীকে আদি কৰি কুৰি খনৰো অধিক গাঁৱৰ খেতি পথাৰ,গৃহ আদি জলমগ্ন হৈছে। ইয়াৰোপৰি অধিক সংখ্যক গাঁৱৰ সংযোগী পথসমূহো বানৰ প্ৰৱল সোঁতে চিঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰতো আহিছে আহুকাল । পথ সমূহ বিচিন্ন হৈ পৰাত স্বাভাৱিক জীৱন যাত্ৰা আৰু অধিক ব্যাহত হৈ পৰিছে ।
বানৰ ফলত কুৰিৰো অধিক গাঁৱৰ শতাধিক পুখুৰী,খেতিবাতিৰ বৃহৎ অংশৰ লগতে ঘৰৰ ভেটি প্লাৱিত হৈ পৰাত পথৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ।

দুৰ্যোগৰ এনে সময়তো বানাক্ৰান্ত লোকৰ খবৰ লবলৈ আহৰি নাই এজনো জন প্ৰতিনিধি তথা জিলা প্ৰশাসনৰ । সকলোৰে দাবী স্থানীয় প্ৰশাসনৰ লগতে চৰকাৰে এই বান ক্ষতিগ্ৰস্ত সকলক বান সাহাৰ্যৰ লগতে উচিত ক্ষতিপূৰণ দি উদ্ধাৰ কৰে যেন ।
লগতে চাওকঃ অনলাইন পাঠদানৰ গাইডলাইন মুকলি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ