ETV Bharat / state

দৰং তবলিগী জামাত সমিতিৰ বিৰুদ্ধে গোচৰ ৰুজু - খাৰুপেটীয়া

দিল্লীৰ তবলিগী জামাতত অংশ গ্ৰহণ কৰা ৯ জন দৰং তবলিগী জামাত সমিতিৰ সদস্যক উদ্ধাৰ আৰক্ষীৰ । ২৪ মাৰ্চৰ পৰা দৰঙৰ কামাৰপাৰা গাঁৱত আত্মগোপন কৰি আছিল ব্যক্তি কেইজন ।

তবলিগী জামাত
দৰং তবলিগী জামাত সমিতিৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Apr 6, 2020, 7:30 PM IST

দৰং, ৬ এপ্ৰিলঃ দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱত আত্মগোপন কৰি থকা ৯ জন তবলিগী জামাত সমিতিৰ সদস্যক উদ্ধাৰ কৰে আৰক্ষীয়ে। এক গোপন খৱৰৰ ভিত্তিত খাৰুপেটীয়াৰ আৰক্ষী বিষয়া দিনবন্ধু ভূঞাৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে আটাইকেইগৰাকী লোকক। উদ্ধাৰ কৰা লোক কেইজন ক্ৰমে, দানিছ আলী, কফিল আলী, সমষেৰ, জায়েড আলী, আজমাল, মুবাসীৰ, সানিউল্লা, হাবিবুৰ, আক্রম আৰু চায়েব আলি।

উল্লেখ্য যে, উক্ত ব্যক্তিকেইগৰাকী কামাৰপাৰা গাঁৱৰ য়াকুব আলি নামৰ এজন লোকৰ ঘৰত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশ গ্ৰহণ কৰাৰ পাছত মুম্বাই–কলকাতা হৈ দৰঙলৈ আহিছিল আটাইকেইগৰাকী লোক। আৰক্ষীয়ে ইতিমধ্যে আটাইকেইগৰাকী ব্যক্তিক উদ্ধাৰ কৰি আছুতীয়াকৈ ৰখাৰ লগতে, স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিছে।

তদুপৰি, আৰক্ষীয়ে দৰং জিলা তবলিগী জামাত সমিতিৰ বিৰুদ্ধে খাৰুপেটিয়া থানাত C/NO 119/2020 U/S120(B)/270/271/308 ভাৰতীয় দণ্ড বিধিৰ অধিনত গোচৰ ৰুজু কৰিছে। দৰং থানাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই প্ৰকাশ কৰিছে এই কথা।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.