ETV Bharat / state

সপোন ভগা এজাক কিশোৰীয়ে নতুনকৈ গঢ়িলে জীৱনৰ বাট - বৰপেটা জিলা

বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ বিশেষ সফলতা লাভ ৷ আধাতে বিদ্যালয় সামৰা এই কিশোৰীসকলক কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰি ভঙা সপোন নতুনকৈ যোৰা লগোৱাৰ এক প্ৰয়াস চলাইছিল বিদ্যালয় কৰ্তৃপক্ষই ৷ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত বৰপেটা জিলাত অৱস্থিত কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ পৰা এইবেলি 52 গৰাকী ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত 37 গৰাকীয়ে কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷

felicitated programme at kasturba gandhi bidyalaya barpeta assam etv bharat news
কস্তুৰবা গান্ধী বিদ্যালয়ৰ বিশেষ সফলতা লাভ
author img

By

Published : Jun 26, 2020, 11:52 PM IST

বৰপেটা,26 জুনঃ বৰপেটাত জিলিকি উঠিছে সপোন ভগা এজাক কিশোৰী ৷ আধাতে পঢ়া-শুনা এৰি জীৱন সংগ্ৰামত ব্ৰতী হোৱা দৰিদ্ৰ পৰিয়ালৰ এনে বহু কিশোৰীয়ে নতুনকৈ গঢ় দিবলৈ যত্ন কৰিছে জীৱন ৷ আধাতে বিদ্যালয় সামৰা এই কিশোৰীসকলক কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰি ভঙা সপোন নতুনকৈ যোৰা লগোৱাৰ এক প্ৰয়াস চলাইছিল বিদ্যালয় কৰ্তৃপক্ষই ৷ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত বৰপেটা জিলাৰ বৰপেটা, চেঙা, গোৱৰ্ধনা, মন্দিয়া আৰু পাকা বেতবাৰীত অৱস্থিত কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ পৰা এইবেলি 52 গৰাকী ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত 37 গৰাকীয়ে কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷

কস্তুৰবা গান্ধী বিদ্যালয়ৰ বিশেষ সফলতা লাভ

সাফল্যৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হোৱা এই ছাত্ৰীসকলক শিক্ষা বিভাগৰ পৰা শুকুৰবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ জিলাখনৰ পাঁচখন কস্তুৰবা গান্ধী বিদ্যালয়ৰ ভিতৰত চাৰিখনৰে এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ বিদ্যালয়খনে নিশ্চিতভাৱে সমাজলৈ আগবঢ়াই আহিছে এক ইতিবাচক বাৰ্তা ৷

লগতে চাওকঃ আমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.