দৰং,ওদালগুৰি,26 ফেব্ৰুৱাৰীঃ বন্য হস্তীৰ পৰা ৰক্ষা পাবলৈ গণেশ পূজাৰ আয়োজন ৷ ভাৰত-ভূটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে খাদ্য-শস্য বিনষ্ট কৰি ঘৰ দুৱাৰ ভাঙি গৃহহাৰা কৰাৰ লগতে মানুহকো আক্ৰমণ কৰি মৃত্যুমুখত পেলাই আহিছে ৷ সমস্যা সমাধানত ব্যৰ্থ হৈ এতিয়া বাঙালীপাৰা ৰাইজে হাতীৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ আৰম্ভ কৰিছে গণেশ পূজা ৷ দীৰ্ঘদিন ধৰি বৰনদী সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ওদালগুড়ি আৰু বাক্সা জিলাৰ সীমামূৰীয়া অঞ্চলত তাণ্ডৱ চলাই আহিছে যদিও বনবিভাগে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । উপায়হীন হৈ এতিয়া বাঙালীপাৰা ৰাইজে ভগৱানৰ ওচৰত শৰণাপন্ন হৈ হোম-যজ্ঞ কৰি সম্পূৰ্ণ মাংগলিকভাৱে পূজা অৰ্চনা আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃখৰালি কালতো চপৰা চপৰে খহিছে মাজুলী : চূড়ান্তৰূপে ব্যৰ্থ ব্ৰহ্মপুত্ৰ বোৰ্ড