ETV Bharat / state

দৰঙত অনিদিষ্টকাললৈ সাপ্তাহিক বজাৰ বন্ধ

author img

By

Published : Jun 26, 2020, 11:58 PM IST

ৰাজ্যখনত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংক্ৰমণ ৰোধৰ অৰ্থে ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলীৰ ভিত্তিত দৰং জিলাতো শনি আৰু দেওবাৰে পৌৰসভা আৰু নগৰ সমিতি এলেকাত সকলো ধৰণৰ বজাৰ-সমাৰ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

Due to covid-19 situation darrang municipulty off every saturday, sunday

দৰং, ২৬ জুন : ৰাজ্যখনত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংক্ৰমণ ৰোধৰ অৰ্থে ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলীৰ ভিত্তিত দৰং জিলাতো শনি আৰু দেওবাৰে পৌৰসভা আৰু নগৰ সমিতি এলেকাত সকলো ধৰণৰ বজাৰ-সমাৰ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে । এই নিৰ্দেশনা অনুসৰি, মংগলদৈ পৌৰ সভা, খাৰুপেটীয়া পৌৰ সভা আৰু ছিপাঝাৰ পৌৰ সভা এলেকাত ২৭ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি শনি আৰু দেওবাৰে সম্পূৰ্ণ লক্ ডাউন প্ৰযোজ্য হ'ব ।

আনহাতে, ২৭ জুনৰ পৰা বলবৎ হোৱাকৈ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ জিলাখনত সান্ধ্য আইন জাৰি কৰা হৈছে । অৱশ্যে জৰুৰীকালীন সেৱাসমূহক এই নিৰ্দেশনাৰ আওতাত ৰেহাই দিয়া হৈছে ।

তদুপৰি অধিক সংক্ৰমণ ৰোধৰ অৰ্থে জিলা প্ৰশাসনে আন এক নিৰ্দেশনা যোগে সমগ্র জিলা খনত সকলো ধৰণৰ সাপ্তাহিক বজাৰ অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছে । কোনো লোকে এই নিৰ্দেশনা অমান্য কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনৰ ফালৰ পৰা স্পষ্ট কৰি দিছে ।

জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই এই প্ৰসংগত জনাই যে কিছু সংখ্যক ব্যক্তিয়ে মাস্ক পৰিধান নকৰা তথা সামাজিক দূৰত্বকে ধৰি অন্য ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে জিলাখনত সামাজিক সংক্ৰমণ বাঢ়িব বুলি আশংকা কৰিয়েই অনিদিষ্ট কাললৈ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : গোলাঘাটতো হ'ব নেকি সম্পূৰ্ণ লক ডাউন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.