দলগাঁও,17 অক্টোবৰ: দৰং জিলাৰ ধূলাত স্থানীয় ৰাইজৰ তৎপৰতাত আটক হৈছে ড্ৰাগছ ক্ৰয়ৰ উদ্দেশ্যে অহা দুই যুৱক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে নিশা ধূলাৰ খাটনিয়াপাৰাত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল দুই যুৱক ৷ যুৱক দুইজনক হাতে লোটে কৰায়ত্ত কৰে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত যুৱক দুজনক ধূলা আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে ৷
প্ৰাপ্ত তথ্য মতে, খাটনিয়াপাৰাৰ জয়নাল আবদিন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা যুৱক দুজনে ড্ৰাগছ ক্ৰয়ৰ খবৰ লাভ কৰি আৰক্ষী উপস্থিত হৈ আবদিনৰ ঘৰত তালাচী চলায় ৷ তালাচীৰ অন্তত আৰক্ষীয়ে আবদিনৰ ঘৰৰ পৰা এটা চিৰিঞ্জসহ কিছু পৰিমাণৰ ড্ৰাগছ ভৰ্তি বটল উদ্ধাৰ কৰে ৷
আটকাধীন যুৱক দুজন মঙলদৈৰ বাঘমাৰাৰ মেৰাজুল আলী আৰু চাইদুল ইছলাম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ঘটনা প্ৰসংগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুয়ে উচিত তদন্তৰ দাবীৰে খাটনিয়াপাৰাৰ পৰা ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰিবলৈ আৰক্ষীক দাবী উত্থাপন কৰে ৷
লগতে চাওকঃ অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ