দৰং, ২ আগষ্ট : দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে দেওবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো দলগাঁৱৰ শিমলুগুৰিৰ কাচেম আলিৰ পুত্ৰ আজাদ আলি(৩৩) বুলি জানিব পৰা হৈছে ৷ দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত আৰক্ষী দলটোৱে চলাইছিল এই অভিযান ৷ আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা প্ৰায় ১.২৩ গ্ৰাম হেৰ'ইন জব্দ কৰিছে ।
![Drug seized at Darrang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-01-10006_02082021193412_0208f_1627913052_404.jpg)
দলগাঁও আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়ত বাসগৃহটোত তালাচী চলাই ৫ টা কনটেইনাৰত হেৰ'ইন (Heroin) খিনি জব্দ কৰে । ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে দলগাঁও থানাত ৪৭১ /২০২১ নম্বৰত এটা গোচৰো ৰুজু কৰা হৈছে ৷ দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাই জানিবলৈ দিয়া অনুসৰি, দৰং জিলাত বিগত দুটা মাহত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই মুঠ 29 টা ড্ৰাগছ সৰবৰাহকাৰী (Drug Mafia) আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
ড্ৰাগছ সৰবৰাহ তথা ব্যৱসায়ীৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত ১৮ টাকৈ গোচৰো ৰুজু কৰাৰ কথা আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : ৰূপহীহাটত আটক ড্ৰাগছ ব্যৱসায়ী