ETV Bharat / state

দৰঙত গুৰুলা-গুৰুলে প্ৰহাৰ চিকিৎসকক - doctor attack at darrang

দৰঙৰ দুমুনীচকী চৰকাৰী চিকিৎসালয়ত চিকিৎসকক গুৰুলা-গুৰুলে প্ৰহাৰ কৰাৰ অভিযোগ এটি পৰিয়ালৰ বিৰুদ্ধে ৷ ডিঙিত টিপি হত্যা কৰাৰ প্ৰয়াস কৰা সিদ্ধাৰ্থ কৃষ্ণ ডেকা নামৰ চিকিৎসক গৰাকীক দৰং আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসা ব্যৱস্থা কৰে ৷

দৰং
দৰঙত গুৰুলা-গুৰুলে প্ৰহাৰ চিকিৎসকক
author img

By

Published : Mar 19, 2020, 12:01 AM IST

দৰং, 18 মাৰ্চঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চিকিৎসক সকল যুজঁ দি থকা সময়তে দৰঙৰ দুমুনীচকীত ভয়ানক ঘটনা ৷ দুমুনীচকী চৰকাৰী চিকিৎসালয়ত চিকিৎসকক গুৰুলা-গুৰুলে প্ৰহাৰ কৰাৰ অভিযোগ এটি পৰিয়ালৰ বিৰুদ্ধে ৷ গুৰুতৰভাৱে আহত চৰকাৰী চিকিৎসক সিদ্ধাৰ্থ কৃষ্ণ ডেকা ৷ ডিঙিত টিপি হত্যা কৰাৰ প্ৰয়াস চিকিৎসক গৰাকীক দৰং আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷

দৰঙত গুৰুলা-গুৰুলে প্ৰহাৰ চিকিৎসকক

উল্লেখ্য যে, এগৰাকী মৃত বৃদ্ধাৰ মৃত্যুৰ প্ৰমাণ পত্ৰ লৈ চিকিৎসক আৰু পৰিয়ালৰ মাজত সংঘাটৰ সৃষ্টি হয় ৷ চিকিৎসক গৰাকীয়ে ইতিমধ্যে আক্ৰমনকাৰী মমতাজ আলি আৰু বাহাৰুল ইছলাম নামৰ দুজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে চিপাঝাৰ আৰক্ষী থানত ৷ আনহাতে, চিকিৎসক আক্ৰমণ ঘটনা বাবে দৰং জিলাৰ চিকিৎসক সকলে শীঘ্ৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, কৰ্তব্যৰত অৱস্থাতে হঠাৎ এচাম লোকে চিকিৎসক গৰাকীক গুৰুলা গুৰুলে প্ৰহাৰ কৰি লেবেজান কৰি পেলায় ৷ সৌভাগ্য ক্ৰমে দৰং আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী মাজৰ পৰা গুৰুতৰভাবে আঘাট প্ৰাপ্ত চিকিৎসক গৰাকীক উদ্ধাৰ কৰে ৷ মূৰ, ডিঙি, হাত , মুখমণ্ডলত আঘাট পোৱা চিকিৎসক গৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ৷ আনহাতে, চিকিৎসক আক্ৰমণ ঘটনা সকলোৱে গৰিহণা দিয়ে ৷ দোষীক শীঘ্ৰে আটক কৰাৰ দাবী কৰিছে সচেতন ৰাইজে ৷ যি সময়ত দিন ৰাতি একাকাৰ কৰি মহামাৰী কৰ'ণা ভাইৰাছ বিৰুদ্ধে চিকিৎসক সকলে যুজঁ দি আছে সেই সময়ত চিকিৎসক আক্ৰমণ অতি দুখ লগা আৰু লজ্জাজনক বুলি মন্তব্য কৰে স্থানীয়ই ৷

আৰু পঢ়কঃ এফালে কৰ'ণাকলৈ বিজেপিৰ অভিযান, আনফালে বিজেপি দলৰ কাণ্ডজ্ঞানহীন কৰ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.