ETV Bharat / state

দলগাঁৱৰ শ্যামপুৰত গ্ৰেপ্তাৰ তিনিটা ডকাইত

author img

By

Published : May 20, 2021, 10:18 PM IST

দলগাঁৱৰ শ্যামপুৰত তিনি ডকাইত গ্ৰেপ্তাৰ ৷ জব্দ কৰা হৈছে হস্ত নিৰ্মিত পিষ্টল সহ লুটি নিয়া আ- অলংকাৰ ।

দলগাঁৱৰ শ্যামপুৰত গ্ৰেপ্তাৰ তিনিটা ডকাইত
দলগাঁৱৰ শ্যামপুৰত গ্ৰেপ্তাৰ তিনিটা ডকাইত

দলগাঁও, ২০ মে’ : মঙলবাৰে নিশা দৰঙৰ শ্যামপুৰ থানাৰ অন্তৰ্গত ৪নং শ্যামপুৰ গাঁৱৰ মুক্তাৰ আলী নামৰ এগৰাকী কাপোৰৰ দোকানীৰ ঘৰত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ এই ডকাইতি কাণ্ডত জড়িত থকা সাত জনীয়া এটা দলৰ তিনি জনক আটক কৰিছে আৰক্ষীয়ে ৷ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাই শ্যামপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই তিনি ডকাইতক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা হস্ত নিৰ্মিত পিস্তল আৰু লুটি নিয়া আ-অলংকাৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা ডকাইত তিনিকেইটা ক্ৰমে বক্কৰ আলী, হামিদ আলী আৰু মতিউৰ ৰহমান বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ১৮ মে'ৰ নিশা সাত জনীয়া ডকাইতৰ দলটোৱে নগদ ৬৫ হাজাৰ টকা, দুটা মোবাইল ফোনৰ লগতে ৭০ হাজাৰ টকাৰ সোণ ৰূপৰ গহনা আদি লুটি নিছিল ।

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে শ্যামপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত দৰং আৰক্ষীয়ে কৌশলেৰে অভিযান চলাই তিনিজনকৈ ডকাইতক আটক কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি তিনি অভিযুক্তক শ্যামপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : নগাঁৱত ধাৰাবাহিকভাৱে চলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.