গুৱাহাটী, ১৩ জুলাই: নিক্ষয় মিত্ৰ (Nikshay mitra) প্ৰকল্পৰ অধীনত যক্ষ্মা ৰোগীসকলৰ বাবে পুষ্টিকৰ খাদ্য বিতৰণ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ মঙলবাৰে দৰং আৰু কামৰূপ জিলাৰ কেতবোৰ অঞ্চলৰ নিৰ্বাচিত স্বাস্থ্য কেন্দ্ৰত এছ আৰ ডি গ্ৰুপ অব ইণ্ডাষ্ট্ৰীজ আৰু ব্ৰিটেনিয়া নিউট্ৰিচন ফাউণ্ডেশ্যনে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে (Distribution of nutritious food to tb patients) ।
![Distribution of nutritious food to tb patients](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-04-photo-7210450_13072022201032_1307f_1657723232_485.jpg)
এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্যসূচী(NTEP) অসমৰ ৰাজ্যিক কাৰ্যসূচী বিষয়া ডা: অভিজিৎ বসু , বিশেষজ্ঞ চিকিৎসক ডা: এ জে কলিতা , দৰঙৰ জিলা যক্ষ্মা বিষয়া ডা: মালবিকা গগৈ, এছ আৰ ডি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক অনুপম ডেকা , ডা: নৃপেন্দ্ৰ সিং ,জাইৰুল হক প্ৰমুখ্যে বিষয়ববীয়া সকলৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু দৰং জিলা যক্ষ্মা কোষৰ কৰ্মচাৰীসকল অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশত যক্ষ্মা ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ সংকল্প লৈছে । এই সংকল্পকে সৰোগত কৰি বিগত দিনসমূহত নিক্ষয় মিত্ৰ প্ৰকল্পৰ অধীনত যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসাৰ বাবে অতিৰিক্ত সহযোগিতা আগবঢ়াই অহা হৈছে । প্ৰকল্পটোৰ জৰিয়তে যক্ষ্মা ৰোগ সন্দৰ্ভত জনসচেতনতাৰ প্ৰয়াস কৰা হয় ৷
লগতে পঢ়ক: নলবাৰীত ৰেড ক্ৰছ চ'ছাইটিৰ বান সাহায্য বিতৰণ