ETV Bharat / state

Dilip Saikia Reaction: গান্ধী পৰিয়ালৰ অহংকাৰত মত্ত ৰাহুল গান্ধী- সাংসদ দিলীপ শইকীয়া

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক কেন্দ্ৰ কৰি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ লগত বিজেপিৰ কোনো ৰাজনীতিৰ সম্পৰ্ক নাই বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই (Dilip Saikia on Rahul Gandhi disqualification) ৷

Dilip Saikia reacts on Rahul Gandhi disqualification
গান্ধী পৰিয়ালৰ অহংকাৰত মত্ত ৰাহুল গান্ধী- সাংসদ দিলীপ শইকীয়া
author img

By

Published : Mar 25, 2023, 8:42 PM IST

গান্ধী পৰিয়ালৰ অহংকাৰত মত্ত ৰাহুল গান্ধী- সাংসদ দিলীপ শইকীয়া

মঙলদৈ, 25 মাৰ্চ : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rahul Gandhi Modi Surname Row) ৷ এই সন্দৰ্ভত শনিবাৰে মঙলদৈ জিলা পুথিভঁৰালত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মঙলদৈ সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়াই (Dilip Saikia on Rahul Gandhi disqualification) ৷

সাংসদগৰাকীয়ে কয় যে, 2019 চনত ৰাহুল গান্ধীয়ে বিতৰ্কিত আৰু অপমানসূচক মন্তব্যৰ কাৰণে চূৰাটৰ আদালতে যি ৰায়দান কৰিছে তাৰ ভিত্তিত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছে (BJP leader slams Congress)৷ ইয়াৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই ৷ সম্পূৰ্ণ ন্যায়িক পদ্ধতিৰে তেওঁৰ বিচাৰ হৈছে ৷ ন্যায় ব্যৱস্থাই ৰায়দান কৰাৰ পিচতে কংগ্ৰেছে এক অবাঞ্চিত পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে ৷ আমি ৰাহুল গান্ধীৰ এনে বক্তব্য আজি নহয় বহুবাৰ শুনিছো ৷ ভাৰতবৰ্ষৰ উচ্চস্থানত থকা লোকসকলৰ সৈতে প্ৰধানমন্ত্ৰীকে কেন্দ্ৰ কৰি ৰাহুল গান্ধীয়ে যি অপমানসূচক মন্তব্য কৰিছিল, বিদেশত গৈ ভাৰতবৰ্ষৰ সন্মান লাঘৱ কৰিবলৈ তেওঁ যিবোৰ বক্তব্য উপস্থাপন কৰিছিল তাকলৈ ভাৰতবৰ্ষৰ জনতাই দুখ পাইছিল ৷ মোদীসকল কিয় চোৰ বুলি কোৱা মন্তব্যই তেওঁ অপৰাধ কৰিছিল ৷

লগতে সাংসদগৰাকীয়ে কয়, গতিকে ইয়াৰ লগত ন্যায়ালয়ৰ অথবা ভাৰতীয় জনতা পাৰ্টিৰ কোনো সম্বন্ধ নাই ৷ ভাৰতবৰ্ষৰ আইনৰ প্ৰতি যদি কোনোবাই বুঢ়া আঙুলি দেখুৱাই তেতিয়া তেঁওৰ কেনে দশা হ’ব পাৰে সেয়া ইয়াৰ পৰাই গম পাব পাৰি ৷ ৰাহুল গান্ধীয়ে তিনিবছৰ ধৰি সুযোগ পাইছিল কিন্তু সুযোগৰ সদ ব্যৱহাৰ নকৰি অহংকাৰত মত্ত হৈ থাকিল যে গান্ধী পৰিয়ালক কোনে কি কৰিব পাৰে ৷ মই গান্ধী পৰিয়ালৰ সদস্য ৷ ৰাহুল গান্ধীৰ অহংকাৰী পদটোৰ কাৰণেই তেওঁৰ সদস্যৰ পদ খাৰিজ হ’ল ৷

ইফালে ৰাহুল গান্ধীয়ে আদানী প্ৰসংগত সদনত প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে সাংসদৰ পদ খাৰিজ হ’ল বুলি অভিযোগ উত্থাপন কৰা সন্দৰ্ভত সাংসদ শইকীয়াই কয়, এইবোৰ কংগ্ৰেছৰ জনতাক বিপথে পৰিচালনা কৰাৰ কৌশল ৷ আদানী আৰু মোডীজীৰ প্ৰসংগৰ বাস্তৱ ভিত্তি নথকাৰ স্বত্বেও ৰাহুল গান্ধীয়ে সদনত উপস্থাপন কৰিছে (Rahul Gandhi disqualification) ৷

আজি মঙলদৈ জিলা পুথিভঁৰালত বিশেষভাৱে সক্ষম ১৮৪১ গৰাকী লোকক ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ বিভাগৰ জৰিয়তে বিভিন্ন সাহাৰ্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ শইকীয়া । উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিক, চিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা উপাযুক্ত মুনিন্দ্ৰ নাথ নাটেৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল ।

লগতে পঢ়ক: Rahul Gandhi Modi Surname Row : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতা, ৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.