ETV Bharat / state

বিধায়ক ইলিয়াছ আলীৰ আশা এৰি হাতে-কামে লাগিল দলগাঁওবাসী

author img

By

Published : Jul 18, 2020, 6:42 PM IST

ৰাইজৰ বহু কাকূতি-মিনতি,আহ্বানৰ পাছতো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতি কৰাৰ নাম নল'লে স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে ৷ ফলত ৰাইজৰ সহায়ৰ অৰ্থে আগুৱাই আহিল ওমৰ আলী নামৰ লোকজন ৷ উক্ত অঞ্চলটোৰ একমাত্ৰ পথছোৱাৰ দুৰৱস্থা দেখি গাঁঠিৰ ধনেৰে শিল বালি আদি ক্ৰয় কৰি স্থানীয় ৰাইজৰ সহযোগত হাতে কামে লাগি পথটো মেৰামতি কৰি দিয়ে ওমৰ আলীয়ে ৷

Dalgaon in Darrang
বিধায়ক ইলিয়াছ আলিৰ আশা এৰি হাতে-কামে লাগিল দলগাঁওবাসী

দলগাঁও, ১৮ জুলাইঃ বিধায়ক ইলিয়াছ আলীৰ আশাৰ এৰি দলগাঁওবাসীক সহায় কৰিবলৈ আগুৱাই আহিল অঞ্চলটোৰ সমাজ সেৱক তথা কৃষক ওমৰ আলী নামৰ এজন লোক ৷ ওমৰ আলীৰ সহায়ত শনিবাৰে জনপ্ৰতিনিধিৰ আশা বাদ দি হাতে-কামে লাগিল দলগাঁওবাসী ৷ দৰাচলতে বিগত বহু বছৰৰ পৰা জৰাজীৰ্ণ হৈ আছে দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মণ্ডলপাৰা হৈ গদাইঝাৰলৈ যোৱা পথটো ৷ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈও তেনেদেৰে দিন পাৰ কৰিছে পথচাৰীয়ে ৷

লগতে পঢ়কঃ বাঘজান কাণ্ড: 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ

ইয়াৰ পূৰ্বেতেও পথটো কোনো এজন প্ৰতিনিধিয়ে মেৰামতি নকৰাত ওমৰ আলীয়ে নিজৰ ধনেৰে মেৰামতি কৰিছিল পথছোৱা। আনহাতে স্থানীয় বিধায়ক ইলিয়াছ আলী তথা পঞ্চায়তৰ কোনো জন প্ৰতিনিধিয়ে পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ লগতে নিৰ্বাচনৰ সময়ত বিধায়ক ইলিয়াছ আলীয়ে পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হ'লে প্ৰতিশ্ৰুতি পাহৰি যায় বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ভুক্তভোগী ৰাইজে । উল্লেখ্য যে,ওমৰ আলি এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি শীঘ্ৰে পথটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই স্থানীয় ৰাইজে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.