দৰং,11নৱেম্বৰ:দীপাৱলি উপলক্ষে মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস ৷ মংগলদৈৰ ১নং বামুন পাৰা গাঁৱৰ "কস্তুৰী শিশু গৃহ"ত দেখিবলৈ পোৱা গ'ল এক বিশেষ দৃশ্য ৷ কস্তুৰী শিশু গৃহৰ শিশু সকলৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ কাৰন পোহৰৰ উৎসৱ দীপাৱলিলৈ মাজত মাথো কেইটামান দিন বাকী ৷ কণ কণ শিশুৰ হাতৰ পৰশেৰে সাজি উলিয়াইছে ৰং বিৰঙৰ মাটিৰ চাকি ৷
সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে নতুন ৰূপেৰে সাজি উলিয়াইছে ৰং বিৰঙৰ মাটিৰ চাকি ৷ কস্তুৰী শিশু গৃহ নামেৰে পৰিচিত এই অনাথ শিশু গৃহটোৰ অধ্যক্ষা ৰশ্মিৰেখা শৰ্মাৰ তত্বাবধানত থকা ১৪ গৰাকী শিশুই সেউজ পৃথিৱী সৃষ্টি কৰাৰ লক্ষ্যৰে সাজি উলিয়াইছে ৰং বিৰঙৰ মাটিৰ চাকি ।
এই মাটিৰ চাকিয়ে এতিয়া সমগ্ৰ জিলাৰ লগতে মংগলদৈ চহৰৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । এই মাটি চাকি ক্ৰয় কৰিবলৈ আহিছে বিভিন্ন প্ৰান্তৰ মানুহ । অনাথ শিশুৰ এই ব্যতিক্ৰমী প্ৰয়াসে দৰংবাসী ৰাইজক এইবাৰ আতচবাজী বা ফটকা ফুটোৱাৰ পৰা বিৰত থকাৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক: ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ