ETV Bharat / state

ভৰি বন্ধা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

বৃহস্পতিবাৰে পুৱা খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিমতলী দলঙৰ তলত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷

ভৰি বন্ধা অৱস্থাত দলঙৰ তলত  উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Mar 4, 2021, 10:05 AM IST

দলগাঁও,4 মাৰ্চঃ বৃহস্পতিবাৰে পুৱা খাৰুপেটীয়াত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিমতলী দলঙৰ তলত পুৱা পথচাৰীয়ে ভৰি বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে এটি মৃতদেহ ৷ লগে লগে পথচাৰীয়ে খাৰুপেটীয়া আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে মৃতদেহৰ পৰা উদ্ধাৰ কৰা নথিপত্ৰৰ ভিত্তিত মৃত যুৱকজন বৰপেটাৰ ১ নং নালিগাঁও এন চি ব্লকৰ চবৰ আলীৰ 28 বছৰীয়া পুত্ৰ ৰফিকুল ইছলাম চিনাক্ত কৰে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

ভৰি বন্ধা অৱস্থাত দলঙৰ তলত  উদ্ধাৰ যুৱকৰ মৃতদেহ
ভৰি বন্ধা অৱস্থাত দলঙৰ তলত উদ্ধাৰ যুৱকৰ মৃতদেহ

উল্লেখ্য যে, অচিনাক্ত দুৰ্বৃত্তই মৃত যুৱকজনক হত্যা কৰি দলঙৰ তলত পেলাই দিয়াৰ সন্দেহ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে ৷ একাংশৰ মতে, মৃত যুৱকজন কৰ্মসূত্ৰে বাহনৰ চালক বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়কঃ এ-১ এক্সপ্ৰেছত অভিনয় কৰিব লাৱণ্য ত্ৰিপাঠীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.