ETV Bharat / state

মঙলদৈৰ বেগা নদীত উদ্ধাৰ মৃতদেহ - MONGALDAI

তিনিদিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত শনিবাৰে আবেলি মঙলদৈ পশু চিকিৎসালয়ৰ পিছফালে নদীত ৰাজু দে'ৰ মৃতদেহ উপঙি থকা অৱস্থাত এছ দি আৰ এফে উদ্ধাৰ কৰে । পিছত মঙলদৈ থানাৰ আৰক্ষীয়ে মৃতদেহটো পানীৰ পৰা উঠাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

মঙলদৈৰ বেগা নদীত উদ্ধাৰ মৃতদেহ
author img

By

Published : May 4, 2019, 9:16 PM IST

মঙলদৈ, ৪ মে': মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগানৈত বৃহস্পতিবাৰে দুপৰীয়া গা ধুবলৈ গৈ পানীত উটি গৈছিল ৰাজু দে' নামৰ ৪২ বছৰীয়া লোকজন । বিগত তিনিদিন ধৰি এছ দি আৰ এফ বাহিনীৰ জোৱান আৰু ডুবাৰুৱে মৃতদেহটো উদ্ধাৰৰ বাবে যথেষ্ট চেষ্টা কৰিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ফেনে ফোটোকাৰে বাঢ়ি অহা বেগা নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছিল ৰাজু দে'ক ।

যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত শনিবাৰে আবেলি মঙলদৈ পশু চিকিৎসালয়ৰ পিছফালে নদীত ৰাজু দে'ৰ মৃতদেহ উপঙি থকা অৱস্থাত এছ দি আৰ এফে উদ্ধাৰ কৰে । পিছত মঙলদৈ থানাৰ আৰক্ষীয়ে মৃতদেহটো পানীৰ পৰা উঠাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক: বৃহৎ ধনসহ দুগৰাকী মহিলাক আটক লামডিং জি আৰ পিৰ

জানিব পৰা মতে, সদ্য প্ৰয়াত ৰাজু দেৰ স্থায়ী ঘৰ গুৱাহাটীত যদিও বিবাহ সূত্ৰে মঙলদৈ থাকি ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছিল ।

মঙলদৈৰ বেগা নদীত মৃতদেহ উদ্ধাৰ, বিগত তিনিদিনে সন্ধানহীন হৈ আছিল ৰাজু দে'

দৰঙ : মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগা নদীত আজি এটা মৃতদেহ উপঙি থকা অৱস্থাত উদ্ধাৰ হয়। জানিব পৰা মতে, মঙলদৈ পৌৰ সভাৰ অন্তৰ্গত চপাইৰ নিকটৱৰ্তী ৭ নম্বৰ ৱাৰ্ডৰ মহাবিষ্ণু সেৱা আশ্ৰমৰ ওচৰেৰে বৈ যোৱা বেগা নদীত  বৃহস্পতিবাৰে দুপৰীয়া গা ধুবলৈ গৈ ৰাজু দে' নামৰ ৪২ বছৰীয়া লোক এজন পানীত উটি গৈছিল। বিগত তিনিদন ধৰি এছ দি আৰ এফ বাহিনীৰ যোৱান আৰু ডুবাৰুৱে মৃতদেহটো উদ্ধাৰৰ বাবে যথেষ্ট চেষ্টা কৰিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ফেনেফোটোকাৰে বাঢ়ি অহা বেগা নদীৰ কোবাল সোঁঁতে উটুৱাই লৈ গৈছিল ৰাজু দে'ক। যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত আজি আবেলি মঙলদৈ পশু চিকিৎসালয়ৰ পিছফালে বেগা নদীত ৰাজু দে'ৰ মৃতদেহ উপঙি থকা অৱস্থাত এছ দি আৰ এফে উদ্ধাৰ কৰে। পিছত মঙলদৈ থানাৰ আৰক্ষীয়ে  মৃতদেহটো পানীৰ পৰা উঠাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে, সদ্য প্ৰয়াত ৰাজু দে'ৰ স্থায়ী ঘৰ গুৱাহাটীত যদিও বিবাহ সূত্ৰে তেওঁ মঙলদৈত থাকি ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছিল।

ফটো দিছো।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.