মঙলদৈ, 18 ডিচেম্বৰ: ৰাজ্যত আজৱ কাণ্ড ৷ দৰং জিলাৰ মঙলদৈৰ ভকতপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Dead body exchange) ৷ আমি সততে হাস্পতালত নৱজাতক সলনি হোৱাৰ কথা শুনিছো, অথবা হাস্পতালৰ ৰিপোৰ্ট সলনি হোৱাৰ খবৰ শুনিছো ৷ কিন্তু এই ঘটনা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ এইবাৰ মহিলাৰ মৃতদেহ সলনি হৈ অচিনাকী পুৰুষৰ মৃতদেহ উভতি আহিলে মৃতকৰ ঘৰলৈ (Dead body exchange at Mangaldoi)৷
এখন ঘৰত এগৰাকী লোকৰ বিয়োগত মৰ্মাহত হৈ পৰে আত্মীয়সকল (Woman body exchange with man) ৷ তেনেসময়তে আপোনাৰ ঘৰৰ লোকৰ সলনি অন্য লোক মৃতদেহ আপোনাৰ ঘৰলৈ আহিলে কেনেককুৱা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে কল্পনা কৰিবলৈ আমিও অপাৰগ ৷
ঘটনা অনুসৰি ভকতপাৰাৰ মহিৰাম বসুমতাৰীৰ পত্নী জুতিকা বসুমতাৰীৰ শনিবাৰে নিশা 11 বজাত মৃত্যু হৈছিল গুৱাহাটীৰ আমিনগাঁৱৰ GNRC হাস্পতালত (GNRC Hospital Amingaon) মৃত্যু হৈছিল ৷ তাৰ পিচতে হাস্পতালৰ কিছু কাম ৰৈ যোৱাৰ কাৰণে পৰিয়ালৰ লোকে তেওঁক পিছদিনা ঘৰলৈ লৈ আহিবলৈ ঠিৰাং কৰিলে ৷ জুতিকাৰ স্বামীয়ে তেওঁৰ ঘৰৰ লোককে পত্নীৰ বিয়োগৰ কথা জনাই নিশা ঘৰলৈ নগৈ পুৱা ঘৰলৈ উভতিম বুলি অৱগত কৰে ৷
স্বামীৰ কথামতে হাস্পতালৰ লোকে মহিলাগৰাকীৰ মৃতদেহটো সযতনে পেকিং কৰিলে ৷ যাতে ঘৰলৈ নিবলৈ অনুবিধা নহয় ৷ আনকি স্বামীক হাস্পতালৰ কৰ্তৃপক্ষই পুৱালৈ ডেথ চাৰ্টিফিকেটো দিম বুলি কয় ৷ সেই কথামতে দেওবাৰে পুৱা হাস্পতালৰ সকলো যৱাতীয় কাম শেষ কৰি স্বামীয়ে জ্যোতিকাৰ মৃতদেহ লৈ পুৱা 9 বজাত ঘৰলৈ উভতি আহে ৷ কিন্তু ঘৰ পাই আহি জুতিকা বসুমতাৰীৰ মৃতদেহৰ ঠাইত এজন অচিনাকী পুৰুষৰ মৃতদেহ ৷
সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম মানি মৃতদেহটো ঘৰৰ চোতালত নমাই কাপোৰ খুলি চোৱা-চিতা কৰোঁতে ওলাই পৰে এই ভয়ংকৰ কথা ৷ তেওঁলোকে জ্যোতিকাৰ সলনি কোনো অচিনাকী পুৰুষৰ ঘৰলৈ অবা দেখি হতভম্ব হৈ পৰে ৷ লগে লগে উপস্থিত লোকসকলৰ মাজত হুৱা দুৱা লাগে ৷
ঘৰৰ লোকে চিঞৰ বাখৰ কৰি ভকতপাৰা আৰক্ষী চকীত খবৰ দিয়ে (Bhakatpara Police Station)৷ ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে ৷ ঘৰৰ লোকে আলোচনা কৰি পুনৰ জুতিকা বসুমতাৰী মৃতদেহটো আনিবলৈ ঘৰৰ পৰিয়াল আৰু আৰক্ষী GNRC হাস্পতাললৈ ৰাওনা হয় ৷
জ্যোতিকাৰ স্বামীয়ে কোৱা অনুসৰি পুৱা দুজন নিৰাপত্তাৰক্ষীয়ে জ্যোতিকাৰ মৃতদেহটো বাহিৰলৈ উলিয়াই দিছিল ৷ পত্নীৰ বিয়োগত মৰ্মাহত স্বামীয়ে মৃতদেহটো এবাৰ খুলি চাবলৈও ভবা নহ’ল বুলি মন্তব্য প্ৰকাশ কৰে ৷
অৱশ্যে এতিয়া কাৰ ভুলৰ কাৰণে এই ঘটনা সংঘটিত হ’ল এই কথা পোহৰলৈ অহা নাই ৷ আৰক্ষীয়ে জনোৱামতে আমিগাঁও আৰক্ষীৰ লগত এই ঘটনা সন্দৰ্ভত আৱগত কৰি পৰৱৰ্তী সময়ত তদন্ত অব্যাবত ৰাখিব ৷ এই নোহোৱা নোবোজা ঘটনাই স্বাভাৱিকতে অঞ্চলটোক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: Rape case in Guwahati : মহানগৰীত ধৰ্ষণৰ বলি ১৮ বছৰীয়া যুৱতী, অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ