ETV Bharat / state

দৰঙত অনুমতি দিয়া নহ'ব সমূহীয়া নামাজৰঃ জিলা উপায়ুক্ত - eid

বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগতল অনুষ্ঠিত হয় এখন সভা । সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা লকডাউনৰ নিৰ্দেশণাৱলী উৎসৱ-পাৰ্বনৰ নামত কোনো কাৰণতে যাতে ভংগ কৰা নহয় তাৰ বাবে ইমামসকলক নজৰ দিবলৈ আহ্বান জনায় ।

মঙলদৈ
দৰঙত অনুমতি দিয়া নহ'ব সমূহীয়া নামাজৰঃ জিলা উপায়ুক্ত
author img

By

Published : May 21, 2020, 10:27 PM IST

মঙলদৈ, ২১ মে': ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাথো কেইটামান দিন বাকী । পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সমগ্ৰ বিশ্বক আক্ৰান্ত কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা লকডাউনৰ নিৰ্দেশণাৱলী উৎসৱ-পাৰ্বনৰ নামত কোনো কাৰণতে যাতে ভংগ কৰা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু লগতে নিজৰ নিজৰ এলেকাত এই সম্পৰ্কত আগতীয়াকৈ সজাগ কৰি দিবলৈ ইমামসকলৰ প্ৰতি আহ্বান জনায়।

মঙলদৈ
দৰঙত অনুমতি দিয়া নহ'ব সমূহীয়া নামাজৰঃ জিলা উপায়ুক্ত

ইফটাৰ বা ঈদৰ দিনা নামাজ সমূহীয়াকৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি নিজৰ ঘৰে ঘৰে নামাজ পঢ়িবলৈ আৰু ইছলামধৰ্মী জনসাধাৰণৰ মাজত এই কথা পুনৰবাৰ সকিয়াই দিবলৈ ইমামসকলক অনুৰোধ জনাই উপায়ুক্ত গৰাকীয়ে ।

লগতে লক ডাউনৰ নিৰ্দেশনাৱলী কোনোবাই ভংগ কৰিলে বা ধৰ্মীয় অনুষ্ঠানত নিৰ্দিষ্ট সংখ্যাতকৈ বেছি লোকৰ সমাগম হ'লে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.