দৰং,5 ছেপ্তেম্বৰঃ আজি শিক্ষক দিৱস ৷ প্ৰতিগৰাকী ব্যক্তিৰে সৰ্বাংগীন উন্নয়নৰ প্ৰতিটো খোজতে শিক্ষাগুৰুসকলে গ্ৰহণ কৰি আহিছে অনবদ্য ভূমিকা ৷ এই পবিত্ৰ দিনটোতে আপোনালোকৰ কাষলৈ লৈ আহিছো এগৰাকী ব্যতিক্ৰমী মহিলা, যি কোনো আনুষ্ঠানিক শিক্ষা অবিহনেই নিৰক্ষৰ মহিলাসকলৰ মাজত নিৰন্তৰে বিলাই গৈছে শিক্ষাৰ পোহৰ ৷
নাম ৰঙিলা মেধি । ঘৰ দৰং জিলাৰ চিপাঝাৰৰ ভাঙিয়াচুবাত । শৈশৱতে প্ৰবল ইচ্ছা থকা সত্বেও ৰঙিলাই আৰ্থিক দৈন্যতাৰ বাবে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল ৷ কিন্তু প্ৰৱল ইচ্ছা আৰু অধ্যাৱসায়ৰ ফলত জীৱনৰ ডেৰকুৰি বসন্ত পাৰ কৰাৰ অন্তত ৰঙিলা মেধিয়ে পালে শিক্ষা গ্ৰহণৰ সুযোগ ৷
১৯৯২ চনত সাক্ষৰতা অভিযানৰ অধীনত 'অসম বিজ্ঞান সমিতি'য়ে জ্ঞান বিজ্ঞান সমিতি, অসম নামৰ আন এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ নিৰক্ষৰ লোকসকলৰ মাজত ব্যৱস্থা কৰিছিল শিক্ষা প্ৰদানৰ ৷ এই অনুষ্ঠানতে শিক্ষাগ্ৰহণ কৰি পৰৱৰ্তী সময়ছোৱাত ৰঙিলা মেধীয়ে স্ব-ৰচিত গল্প আৰু কবিতা পুথিও প্ৰকাশ কৰি উলিয়ালে ৷
উল্লেখ্য যে, বিভিন্ন ৰাষ্ট্ৰীয় কৰ্মশালাতো অংশগ্ৰহণ কৰা ৰঙিলা মেধীয়ে ২০০৪ চনত ৰাষ্ট্ৰপতিৰ পৰাও লাভ কৰিছে বিশেষ সম্বৰ্ধনা ৷ শৈশৱতে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ৰঙিলা মেধিৰ পৰৱৰ্তী সময়ৰ সফলতা এতিয়া সকলোৰে বাবে হৈ পৰিছে প্ৰেৰণা ৷ শিক্ষক দিৱসৰ এই দিনটোত ৰঙিলা মেধীলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা জনাইছো শুভেচ্ছা ৷
লগতে পঢ়ক-সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য