ETV Bharat / state

মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত নলবাৰীত একাংশ লোকে আক্ৰমণ কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে দলৰ কৰ্মকৰ্তাসকল । মঙলবাৰে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । মঙলদৈতো দলটোৰ জিলা সমিতিৰ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ক্ষোভ উজাৰে ।

মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Mar 2, 2021, 5:29 PM IST

দৰং, ২ মাৰ্চ: নলবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আক্ৰমণৰ বলি হোৱাক প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ ৰাজ্যত । বিজেপিৰ বিধায়কৰ নিৰ্দেশত একাংশ গুণ্ডাই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে ।

সভাপতিগৰাকীক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত মঙলবাৰে দলৰ কৰ্মীসকলে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । মঙলদৈতো দলটোৰ দৰং জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বিজেপি হুচিয়াৰ, বিজেপিৰ গুণ্ডাগিৰি নচলিব, দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক কৰ্মকৰ্তাই অংশ লয় । শীঘ্ৰে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে । অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক:অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ অপহৃত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.