ETV Bharat / state

দৰঙতো পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন - aparajita mahanta

দিমিলা নৈ পাৰত ব্যাপক উচাহ । দিপীলাৰ সমীপৰ গভৰা দলংঘাট গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিমিলা নৈৰ পাৰতে একেলগে পৰম্পৰাগতভাৱে উদযাপন কৰিলে গৰু বিহু ।

etv bharat
author img

By

Published : Apr 14, 2019, 2:56 PM IST

দৰং, 14 এপ্ৰিলঃ গৰু বিহু উপলক্ষে উচাহ-উদ্দীপনাৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্য । সমগ্ৰ ৰাজ্যৰ লগতে দৰংবাসীয়েও পৰম্পৰাগতভাৱে পালন কৰিলে গৰু বিহু । এইবাৰ গৰু বিহুত গভৰা দলংঘাট গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিমিলা নৈৰ কলেজঘাটত সমূহীয়াকৈ নোৱালে-ধোৱালে গৰু-গাইক ।

দৰঙতো পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন

অঞ্চলটোৰ মুনলাইট গোষ্ঠীৰ উদ্যোগতে কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, জেষ্ঠজন এনেদৰে লগে ভাগে ওলাই আহি সকলোৱে উদযাপন কৰিলে হেঁপাহৰ বিহুটো । গৰু-গাইক নোৱাই-ধোৱাই পৰম্পৰাগতভাৱে দীঘলটি পাতেৰে কোবাই লাও, বেঙেনা, হালধি, কেৰেলা, থেকেৰা গৰুৰ গালৈ দলিয়াই বিহুৰ সাতামপুৰুষীয়া ৰীতি-নীতি পালন কৰিলে গাঁৱৰ ৰাইজে ৷

A_DARRANG_14APL_803_BIHU【ftp】

আজি গৰু বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে দৰঙত দেখা গৈছে বিহুৰ ব্যাপক উৎসাহ-উদ্দীপনা ৷ 
 দৰঙৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে গৰু গা-ধূৱাই গৰু বিহু পালন কৰিলে গাঁৱৰ ৰাইজে ৷ দিপীলাৰ সমীপৰ গভৰা দলংঘাট গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিমিলা নৈৰ কলেজঘাটত সমূহীয়াকৈ গৰুক গা-ধূৱাই ৷ এই লৈ দিমিলা পাৰত দেখা গৈছে ব্যাপক উচাহ ৷ মুনলাইট গোষ্ঠীৰ উদ্যোগত গাঁৱৰ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, জেষ্ঠজন সকলো ওলায় আহিছে নৈৰ ঘাটলৈ ৷ গৰু নোৱাই-ধুৱাই পৰম্পৰাগতভাৱে দীঘলটি পাতেৰে কোবাই লাও,বেঙেনা, হালধি, কেৰেলা, থেকেৰা গৰুৰ গালৈ দলিয়াই বিহুৰ সাতামপুৰুষীয়া ৰীতি-নীতি পালন কৰিছে গাঁৱৰ ৰাইজে ৷

Byte- গঞা ৰাইজ।

দেবব্ৰত গোস্বামী
১৪/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.