ETV Bharat / state

মঙলদৈত অস্ত্ৰসহ আটক দুজন

author img

By

Published : May 23, 2021, 2:29 PM IST

Updated : May 23, 2021, 5:35 PM IST

মঙলদৈৰ চৰ অঞ্চলত আৰক্ষীৰ অভিযানত জব্দ ৫ টা হস্তনিৰ্মিত ৰাইফল, ৮ যোৰ ভাৰতীয় সেনাৰ পোছাক আৰু এযোৰ আৰক্ষীৰ পোছাক । ইয়াৰ লগতে দৰং আৰক্ষীয়ে আটক কৰে দুটা সন্দেহজনক ডকাইতক ।

DARRANG DOCAIT ARREST
মঙলদৈত অস্ত্ৰসহ আটক দুই ডকাইত

দৰং, ২৩ মে': দৰং জিলাৰ মঙলদৈৰ চৰ অঞ্চলত আৰক্ষীৰ এক বৃহৎ অভিযান । আৰক্ষীৰ অভিযানত জব্দ ৫ টা হস্তনিৰ্মিত ৰাইফল, ৮ যোৰ ভাৰতীয় সেনাৰ পোছাক আৰু এযোৰ আৰক্ষীৰ পোছাক । লগতে দৰং আৰক্ষীয়ে বেলেগ বেলেগ ঠাইৰ পৰা ডকাইতৰ সন্দেহত দুজন লোকক আটক কৰে । দুয়োজন ক্ৰমে ধূলা থানাৰ অন্তৰ্গত ধনশ্ৰীকাষ গাঁৱৰ হাৰুনুল ৰচিদ আৰু বান্দিয়া গাঁৱৰ চহৰ আলী ।

মঙলদৈত অস্ত্ৰসহ আটক দুজন

৫৪০/২০২০ নম্বৰৰ এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই লোক দুজনক আটক কৰে । গোচৰটো হৈছে এটা ডকাইতি ঘটনাৰ । মঙলদৈ সদৰ সহকাৰী আৰক্ষী অধীক্ষক মামনি হাজৰিকাই জনোৱা মতে বিগত বছৰৰ ১১ ডিচেম্বৰত ধনশ্ৰীকাষ গাঁৱৰ গৰীব আলীৰ ঘৰত এটা ডকাইতৰ দলে লুণ্ঠন চলাইছিল ।

সেই সময়ত তিনিজনক আটক কৰা হৈছিল যদিও ঘটনাটোত জড়িত বাকীসকল পলাতক আছিল । আৰক্ষীৰ মতে সামৰিক পোছাক আৰু আৰক্ষীৰ পোছাকত নতুনকৈ ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল দলটোৱে । ঘটনা সন্দৰ্ভত আটকাধীন দুয়োজনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : শিলঘাটত চপৰা চপৰে খহিছে লুইতৰ গৰা

Last Updated : May 23, 2021, 5:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.