দৰং,18 নৱেম্বৰঃ আৰ্ছেনিকৰ ভয়াৱহতাই গ্ৰাস কৰা এখন গাঁও ৷ এইপৰ্যন্ত 200 ৰো অধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ দৰঙৰ বৃহত্তৰ অঞ্চলটোত দেখা দিছে অচিন ৰোগে ৷ আক্ৰান্ত হৈছে ইটোৰ পিচত সিটো পৰিয়ালৰ সদস্য ৷ অঞ্চলটোৰ একাংশ লোকৰ ধাৰণা আৰু অন্ধবিশ্বাসৰ ফলত ভয়ানক ৰূপ লৈছে এই ৰোগে ৷ ক্ৰমান্বয়ে ইজনৰ পিচত সিজন লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷ একাংশ লোকে এনেধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰিৱৰ্তে বিশ্বাস কৰে গাঁওখনত থকা মন্দিৰৰ পুৰোহিতে দিয়া ঔষধৰ ৷
ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁও! - DARRANG DISTRICT PATIDARRANG HEAVILY ARSENIC EFFECTED AREA, MORE PEOPLE ARE EFFECTED CANCER
অবিভক্ত দৰঙ জিলাৰ এখন বিশেষ গাঁও ৷ গাঁওখনত নুগুচা হৈছে অপায় অমংগল ৷ একাংশ গাঁওবাসীৰ বিশ্বাস উপাস্য দেৱতা অসন্তুষ্ট হোৱাৰ বাবেই অপায় অমংগলে দেখা দিছে ৷ এই পৰ্যন্ত অচিন ৰোগত আক্ৰান্ত হৈছে কেবা শতাধিক লোক ৷ প্ৰকৃততে এই ঘটনাৰ আঁৰত কি ৰহস্য লুকাই আছে ? এজন দুজন নহয়,দৰঙ জিলাৰ পাতিদৰঙত কৰ্কট সদৃশ ৰোগত আক্ৰান্ত হৈছে 200 ৰো অধিক লোক ৷
দৰং,18 নৱেম্বৰঃ আৰ্ছেনিকৰ ভয়াৱহতাই গ্ৰাস কৰা এখন গাঁও ৷ এইপৰ্যন্ত 200 ৰো অধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ দৰঙৰ বৃহত্তৰ অঞ্চলটোত দেখা দিছে অচিন ৰোগে ৷ আক্ৰান্ত হৈছে ইটোৰ পিচত সিটো পৰিয়ালৰ সদস্য ৷ অঞ্চলটোৰ একাংশ লোকৰ ধাৰণা আৰু অন্ধবিশ্বাসৰ ফলত ভয়ানক ৰূপ লৈছে এই ৰোগে ৷ ক্ৰমান্বয়ে ইজনৰ পিচত সিজন লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷ একাংশ লোকে এনেধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰিৱৰ্তে বিশ্বাস কৰে গাঁওখনত থকা মন্দিৰৰ পুৰোহিতে দিয়া ঔষধৰ ৷
অসমত ভয়াৱহ ৰূপ লৈছে আৰ্ছেনিকৰ উপস্হিতিয়ে ৷ ক্ৰমাৎমহামাৰীৰ ৰূপলোৱা আৰ্ছেনিকৰ উপস্হিতিয়ে দূৰ্বিষহ কৰি তুলিছে সাধাৰণ ৰাইজৰ জীৱন ৷ মাজুলীৰ পিচত শেহতীয়াকৈ অবিভক্ত দৰং জিলাৰ....পাতি দৰঙ .... ত আৰ্ছেনিকৰ উপস্হিতিয়ে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ দৰঙৰ কেবা ঠাইত আৰ্ছেনিকৰ উপস্হিতি ধৰা পৰিছে ৷ ভূ গৰ্ভত এই ভয়ংকৰ পদাৰ্থ বিধৰ উপস্হিতিৰ বাবে পানী সেৱন কৰাৰ অঞ্চলটোৰ বহুলোকৰ নানা ৰোগে দেখা দিছে শৰীৰত ৷ বিশেষকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈছে অঞ্চলটোৰ বহুলোক ৷ প্ৰতিঘৰ লোকৰে গৰিষ্ঠ সংখ্যক সদস্য মাৰাত্মক *কৰ্কট*
ৰোগত আক্ৰান্ত হৈছে ৷ এই ক্ষেত্ৰত কেবাটাও কাৰকে আছে ৷ মূলত অঞ্চলটোৰ ৰাইজৰ অজ্ঞতা, অন্ধবিশ্বাস তথা ৰাজ্য চৰকাৰৰ জনস্বাস্হ্য বিভাগৰ অদূৰদৰ্শিতা, স্বাস্হ্য বিভাগৰ অমনযোগিতা অন্যতম ৷ বিশেষকৈ গাঁও অঞ্চলৰ সাধাৰণ লোক সকলৰ মাজত এই পৰ্যন্ত পৰ্যাপ্ত সজাগতা সৃষ্টি কৰাত ব্যৰ্থ হৈছে দুয়োটা বিভাগেই ৷Conclusion:Debabrat goswami