ETV Bharat / state

Independence Day 2023 : দৰঙত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

author img

By

Published : Jul 26, 2023, 6:18 PM IST

দৰং জিলা আয়ুক্তৰ আহ্বানক্ৰমে বিশিষ্ট নাগৰিক, মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি আদিয়ে সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দিহা-পৰামৰ্শ আগবঢ়ায় ।

Independence Day 2023
Independence Day 2023

মঙলদৈ, 26 জুলাই : দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এক বিশেষ সভা । উক্ত এখন সভাত জিলাখনত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় । জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় ।

পুৱা দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে আৰম্ভ হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সন্ধিয়া বন্তি প্ৰজ্বলেনেৰে অন্ত পৰালৈকে সকলো কাৰ্যসূচী ৰূপায়ণৰ বিষয়ে সভাত বিতংভাৱে আলোচনা কৰা হয় । ইয়াৰ উপৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন জনকল্যাণ বিষয়ক তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

লগতে নৱপ্ৰজন্মক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি সুনাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈও এই সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী সংক্ৰান্তত দৰং জিলা আয়ুক্তৰ আহ্বানক্ৰমে বিশিষ্ট নাগৰিক, মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি আদিয়ে সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দিহা-পৰামৰ্শ আগবঢ়ায় ।

উল্লেখ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰ্যসূচী দেশজুৰি ২০২১ চনৰ ১২ মাৰ্চৰ পৰা ২০২৩ চনৰ ১৫ আগষ্টলৈকে ৰূপায়ণ কৰা হৈছে । এই কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

'আজাদী কা অমৃত মহোৎসৱ' নামেৰে নামকৰণ কৰা এই কাৰ্যসূচী হৈছে ভাৰত চৰকাৰৰ এক উদ্যোগ, যাৰ দ্বাৰা স্বাধীনতাৰ ৭৫ বর্ষপূর্তি উদযাপন আৰু দেশৰ জনগণ, সংস্কৃতি আৰু সাফল্যৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰা হৈছে ।

এই মহোৎসৱ ভাৰতৰ সেইসকল জনগণৰ নামত উৎসর্গীকৃত যিসকসলে ভাৰতক কেৱল অভিব্যক্তিমূলক যাত্রাত ইমান দূৰ আগবঢ়াই নিয়াত সহায় কৰায়ে নহয়, বৰং তেওঁলোকৰ মাজত এনে প্রাণশক্তি আৰু ক্ষমতা আছে যিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘ভাৰত ২.০’ ধাৰণাক আত্মনির্ভৰ ভাৰতৰ উদ্দীপনাৰে উদ্দীপ্ত কৰিব পাৰে ।

'আজাদী কা অমৃত মহোৎসৱ'ৰ আনুষ্ঠানিক যাত্রা ১২ মার্চ, ২০২১-ত ৭৫ সপ্তাহৰ কাউণ্ট-ডাউনেৰে আৰম্ভ হৈছিল আৰু সামৰণি পৰিব আমাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূর্তি উদযাপনৰ শেষত ১৫ আগষ্ট, ২০২৩ তাৰিখে ।

লগতে পঢ়ক :Sonitpur district day 2023: ৩ আগষ্টত শোণিতপুৰ জিলা দিৱসৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.