দৰং, 21 মেঃ জনসাধাৰণক নিজ গৃহত থকা অতিৰিক্ত বিচনাসমূহ কোৱাৰেন্টাইন চেন্টাৰৰ বাবে দান দিবলৈ অনুৰোধ দৰং জিলাৰ উপায়ুক্ত দিলিপ কুমাৰ বৰাৰ । গুৱাহাটীৰ ফাঁচী বজাৰক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ ফলত বিভিন্ন সা-সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত কিছু পৰিমাণে অভাৱ হোৱা বুলি জনায় উপায়ুক্ত গৰাকীয়ে ।
আনহাতে প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা আহি উপস্থিত হোৱা লোকসকল কোৱাৰেন্টাইন চেন্টাৰসমূহত ৰখাৰ বাবে লাহে লাহে বিচনা পাতিৰ অভাৱ হ'ব পাৰে । সেয়েহে কৰ'ণা মহামাৰী বিৰোধী যুদ্ধৰ এই জটিল সন্ধিক্ষণত ৰাইজে স্বেচ্ছাই নিজৰ ঘৰৰ বিচনাসমূহ জিলা প্ৰশাসনক দান দিয়াৰ বাবে আহ্বান জনায় উপায়ুক্ত দিলিপ কুমাৰ বৰাই ।
লগতে পঢ়ক- বৰষুণৰ বাবে সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত শ শ লোকৰ অসহায় অৱস্থা