দলগাঁও,13 অক্টোবৰঃ এখন ভঙা দলঙে উদঙাই দিছে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলিৰ ১৫ বছৰীয়া ৰাজত্বত উন্নয়নৰ প্ৰকৃত নমুনা। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি ১৫ বছৰ অতিক্ৰম কৰা বিধায়ক গৰাকীয়ে খাৰুপেটীয়াৰ গাতে লাগি থকা এন চি খেতাশ্বৰ গাঁৱৰ কালাপানী নদীৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলংখনৰ ঠাইত নিৰ্মাণ কৰিব নোৱাৰিলে এখন পকী দলং । যাৰ ফলত বছৰ বছৰ ধৰি ধলংপলং কাঠৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে আৰিমাৰি-শ্যামপুৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক ।

