ETV Bharat / state

আৰ্ছেনিকৰ কৰাল গ্ৰাসত দৰঙৰ পাতি দৰঙ - দৰঙৰ পাটিদৰঙত আৰ্চেনিকৰ ভয়াৱহতা

এফালে আৰ্ছেনিকৰ কবলত জৰ্জৰিত সমগ্ৰ ৰাজ্য আনফালে কোটি কোটি টকা পানীত পেলাই উৎসৱ-পাৰ্বণত ব্যস্ত শাসনাধিষ্ঠিত চৰকাৰ ৷ উৎসৱৰ নামত চৰকাৰে অতদিনে ব্যয় কৰি অহা অৰ্থৰে সম্পূৰ্ণ হয় ৰাজ্যখনৰ কেবাখনো পানী যোগান আঁচনি কিন্তু নিধিৰাম চৰ্দাৰ হৈ বহি আছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ লগতে অন্য জনপ্ৰতিনিধিসকল ৷

ই টিভি ভাৰতৰ পুনৰ আৰ্চেনিক প্ৰতিবেদন
ই টিভি ভাৰতৰ আৰ্চেনিক প্ৰতিবেদন
author img

By

Published : Nov 29, 2019, 11:35 PM IST

Updated : Nov 29, 2019, 11:55 PM IST

দৰং,29 নৱেম্বৰ: ৰাজ্যৰ ৬,৮৮১ টা এলেকাৰ ভূ-গৰ্ভৰ পানীত নীৰৱে আৰ্ছেনিকে খোপনি পোতাৰ কথা পোহৰলৈ অহাৰ পিচতো নীৰৱ প্ৰশাসন ৷ প্ৰশাসনৰ নীৰৱ ভূমিকাৰ লাভা লাভ উঠাই ইতিমধ্যে আৰ্ছেনিকে শোষণ কৰিছে ৰাজ্যৰ বহু কেইটা অঞ্চল ৷ আৰ্ছেনিকৰ কৰাল গ্ৰাসত প্ৰতিদিনে মৃত্যু হৈছে ইখনৰ পিছত আনখন গাঁৱৰ লোক ৷ পাটি দৰঙৰ পিচত এইবাৰ সমুখলৈ আহিছে অবিভক্ত দৰঙ জিলাৰ দেওমৰনৈস্থিত অন্য এখন গাঁও কৈকাৰা গাঁও ৷ ক্ৰমাৎ ভূ-গৰ্ভক গ্ৰাস কৰি অহা ছিক্ৰেট কিলাৰ আৰ্ছেনিক নাশ কৰাৰ ক্ষেত্ৰত সামৰ্থহীন পূৰ্বৰ বা বৰ্তমানৰ চৰকাৰ ৷ 227 টা আৰ্ছেনিকমুক্ত আৰু ৪০ টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে যদিও এতিয়াও আৰ্ছেনিকৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা নাই ৰাজ্যৰ জনসাধাৰণক ৷ কাৰণ আজিলৈ সম্পূৰ্ণ হৈ উঠা নাই 227 টা পানী যোগান আঁচনিৰ এটাও পানী যোগান আঁচনি ৷

আৰ্চেনিক প্ৰতিবেদন

লগতে চাওঁক: ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁও!

আনহাতে ২০০৫ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে চলোৱা সমীক্ষাত ধৰা পৰিছিল দৰং জিলাৰ সমগ্ৰ দেওমৰণৈ অঞ্চলটোত বিয়পি পৰিছে বৰবিহ সদৃশ আৰ্ছেনিক ৷ কিন্তু এই তথ্যক অমান্তি কৰি আহিছে খোদ বিভাগীয় মূখ্য কাৰ্যবাহী অভিযন্তাই ৷ জিলাখনৰ মূল সমস্যাৰ বিষয়ে অজ্ঞাত এনে কৰ্মচাৰীসকলৰ দায়িত্বহীনতাৰ বাবেই ক্ৰমাৎ বিপদগামী হৈছে দৰঙৰ দৰে এখন জিলা ৷ এফালে আৰ্ছেনিকৰ কবলত জৰ্জৰিত সমগ্ৰ ৰাজ্য আনফালে কোটি কোটি টকা পানীত পেলাই উৎসৱ-পাৰ্বণত ব্যস্ত শাসনাধিষ্ঠিত চৰকাৰ ৷

উৎসৱৰ নামত চৰকাৰে অতদিনে ব্যয় কৰি অহা অৰ্থৰে সম্পূৰ্ণ হয় ৰাজ্যখনৰ কেবাখনো পানী যোগান আঁচনি কিন্তু নিধিৰাম চৰ্দাৰ হৈ বহি আছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ লগতে অন্য জনপ্ৰতিনিধিসকল ৷ বিগত বহু বছৰে জনপ্ৰতিনিধিসকলৰ দায়িত্বহীনতাৰ ফল ভোগ কৰি আহিছে সাধাৰণ ৰাইজে ৷ আৰ্চেনিক সন্দৰ্ভত লাভ কৰা বিভিন্ন তথ্য অথবা ইতিমধ্যে প্ৰকাশিত বিভিন্ন বাতৰি,প্ৰবন্ধয়ো জ্ঞান দিব পৰা নাই জনপ্ৰতিনিধিসকলক কিন্তু এই ক্ষেত্ৰত ইটিভি ভাৰতৰ ধাৰাবাহিক প্ৰতিবেদন অব্যাহত থাকিব অনাগত দিনলৈ ....

Intro:ভয়াবহ ৰূপত আৰ্ছেনিকৰ বাবে কৰ্কট ৰোগ৷৷ ই টি ভি ভাৰতৰ বাতৰিৰ দ্বিতীয় প্ৰতিবেদন Body:

Anchor --- ভয়াৱহ ৰূপ লৈছে আৰ্ছেনিকৰ বাবে কৰ্কট ৰোগে ৷

দৰঙৰ পাতিদৰং গাঁওত কৰ্কট ৰোগে লৈছে মহামাৰী ৰূপ ৷

গাঁওখনত কৰ্কট ৰোগত মৃত্য হৈছে প্ৰায় ২০০ জনৰো অধিক লোক ৷

বৰ্তমানেও কৰ্কট ৰোগত আক্ৰান্ত বহু জন লোক ৷

পানীত প্ৰচুৰ আৰ্ছেনিক থকাৰ বাবে চৰকাৰে বন্ধ কৰিছিল গাঁওৰ দমকল সমুহ ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগে ২০০৬ চনত ছিল কৰিছিল গাঁওখনৰ দমকল ৷

চৰকাৰে লোৱা নাই কৰ্কট ৰোগৰ সজাগতা মুলক ব্যৱস্থা ৷

গাঁৱৰ একাংশ লোকে এতিয়াও খায় পুখুৰীৰ পানী ৷

অন্ধবিশ্বাসৰ গ্ৰাসত এতিয়াও পাতিদৰং গাঁও ৷

বেমাৰ হলে চিকিৎসকৰ পৰিবৰ্তে যায় বেজৰ ওচৰলৈ ৷
কৰ্কট ৰোগৰ ভয় সংকাত কটাইছে গাঁওবাসীয়ে ৷

কৰ্কট ৰোগ সম্প্ৰসাৰণ হৈছে পাতিদৰং গাঁওৰ পৰা চুবুৰীয়া গাঁও ককৈৰা লৈ

কুম্ভকৰ্ণ নিৰ্দ্ৰাত স্বাস্থ্য বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷

V/O --- ভয়াবহ ৰূপ লৈছে মাৰাত্মক কৰ্কট ৰোগে ৷ এটা বৃহত্তৰ অঞ্চলত দেখা দিছে অচিন ৰোগে ৷ আক্ৰান্ত হৈছে ইটোৰ পিছত সিটো পৰিয়ালৰ সদস্য ৷ দু শ ৰো অধিক লোকৰ মৃত্যু হৈছে গাঁওখনত ৷ দৰং জিলাৰ এখন বিশেষ গাঁও ৷ গাঁওখনত দেখা দিছে অপায় অমংগলে ৷ একাংশ লোকৰ বিশ্বাস উপাস্য দেৱতা অসন্তুষ্ট হোৱা বাবে গাঁওখনত সংঘটিত হৈছে অপায় অমংগল ৷ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বাবে ভয়াবহ ৰূপ লৈছে মাৰাত্মক কৰ্কট ৰোগে ৷ বেমাৰ হলে চিকিৎসকৰ পৰিবৰ্তে যায় বেজৰ ওচৰলৈ ৷ মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ৷ গাঁওখনৰ সৰহ সংখ্যক লোক এতিয়াও বঞ্চিত বিশুদ্ধ খোৱাপানীৰ পৰা ৷ ৷ দৰং জিলাৰ এখন বিশেষ গাঁও পাতিদৰং ৷ আৰ্ছেনিকৰ বাবে মহামাৰী ৰূপ লৈছে গাঁওখনত মাৰাত্মক কৰ্কট ৰোগে ৷ সকলো পোহৰলৈ আহিল , যেতিয়া ২০০৫ চনত জনস্বাস্থ্য কাৰিকৰী বিভাগে চলাইছি সমীক্ষা ৷ ধৰা পৰিছিল পাতিদৰং গাঁওত ভূ-গৰ্ভত বৰবিহ সদৃহ ভয়ংকৰ আৰ্ছেনিকৰ প্ৰাদুৰ্ভাৱৰ তথ্য ৷ দিয়া হৈছিল গাঁওখনৰ দমকল সমুহ ছিল কৰিছিল
Byte_ গাও বাসী ৷
এতিয়া মহামাৰী ৰূপ লোৱা কৰ্কট ৰোগে পাতিদৰং গাঁওৰ চুবুৰীয়া গাঁও সমুহলৈ সম্প্ৰসাৰণ হৈছে এই মাৰাত্মক কৰ্কট ৰোগ ৷
Byte _কৈকাৰা গাওৰ গাও বাসী
Vo_ কুম্ভকৰ্ণ নিৰ্দ্ৰাত স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ নাই চৰকাৰৰ সজাগতা মুলক ব্যৱস্থা ৷ আৰ্ছেনিকৰ প্ৰাদুৰ্ভাৱৰ ফলত মহামাৰী ৰূপ ধাৰণ কৰা কৰ্কট ৰোগৰ বাবে সংকৃত হৈ পৰিছেস্বা অঞ্চলতোৰ জনসাধাৰণ ৷কিন্ত গমেই নাপাই জনস্বাস্হ্য কাৰী কৰী বিভাগৰ মুখ্য কায্যবাহী অভিযন্তা গৰাকীয়ে
Byte _মুখ্য কায্যবাহী অভিযন্তাConclusion:Debabrat goswami
Last Updated : Nov 29, 2019, 11:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.