ETV Bharat / state

ঈদৰ বজাৰৰ বাবে মঙলদৈত ভীৰ

নাই সামাজিক দূৰত্ব নাই চেনিটাইজাৰৰ ব্যৱস্থা ,দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই বজাৰ পৰিদৰ্শন কৰি ব্যৱসায়ী একাংশ গ্ৰাহকক সকীয়নী ৷

As_drg_03_dc sudden visit_10006
ঈদৰ বজাৰৰ বাবে মঙলদৈত ভীৰ
author img

By

Published : May 19, 2020, 8:35 PM IST

মঙ্গলদৈ, ১৯ মেঃ মঙলদৈ চহৰ অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা । প্ৰতিখন দোকানৰ সন্মুখত হাত ধোৱাৰ বাবে চাবোন পানী ৰখাৰ লগতে চেনিটাইজাৰ ৰাখিব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হব-- এইদৰে কয় দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই। মঙ্গলদৈ চহৰৰ একাংশ লোকে ঈদৰ বজাৰৰ নামত জধে মধে বজাৰলৈ ওলাই অহা আৰু কোনো ধৰণৰ লকডাউনৰ নামনাৰ অভিযোগ উঠাৰ পিছতে নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে আজি হঠাৎ বজাৰখন পৰিদৰ্শন কৰি একাংশ ব্যৱসায়ী আৰু গ্ৰাহকক কঠোৰ সকীয়নী প্ৰদান কৰে। পৰিদৰ্শন কালত তেখেতে দোকান সন্মূখৰ সমূহত হাত ধোৱা পানী আছে নে নাই, চেনিটাইজাৰৰ ব্যৱস্থা আছে নে নাই আৰু সামাজিক দূৰত্ব কেনেকৈ বৰ্তাই ৰাখিছে সেয়া নিৰিক্ষণ কৰে। তেওঁ এই সমূহ ব্যৱস্থা ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ সৈতে পৰিদৰ্শন কালত বিনা কাৰণত একাংশ লোকে বজাৰলৈ ওলাই অহাত সেই সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

আনহাতে ভাৰতীয় ষ্টেট বেংকৰ মঙ্গলদৈ শাখাৰ সন্মুখত শ শ লোকে ভীৰ কৰা প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকী আচম্বিত হৈ পৰে। চৰকাৰী কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশ ষাঠিৰ উধ্ধৰ লোক আৰু শিশু অভিভাৱকৰ সৈতে বেংকলৈ অহাত তেওঁলোকৰ সৈতে মত বিনিময় কৰি ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বান্দিয়া গাওঁৰ লটিফা বেগমে ৬ মহীয়া কেচুৱা লৈ বেংকত শাৰী পাতি থকাত আৰক্ষীৰ বাহনৰে ঘৰলৈ পঠিয়াই দিয়ে উপায়ুক্ত গৰাকীয়ে। সেইদৰে ৰেহেনা বেগম নামৰ বাঘপৰিৰ আন এগৰাকী মহিলায়ো ডেৰ বছৰীয়া শিশু কোচত লৈ বজাৰ কৰি থকা প্ৰত্যক্ষ কৰি উপায়ুক্তই তেওঁকো আৰক্ষীৰ বাহনেৰে ঘৰলৈ পঠিয়াই দিয়ে। মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই শিশু সহ দুয়োগৰাকী মাতৃকে স্বগৃহত থৈ আহে।

ঈদৰ বজাৰৰ বাবে মঙলদৈত ভীৰ

ইফালে ষাঠিৰ উধ্বৰ ব্যক্তি সকলক ঘৰতে সোমাই থাকিবলৈ উপায়ুক্তই অনুৰোধ জনোৱাৰ লগতে তেওঁলোকৰ বেংক সম্পকীয় কাম কাজ থাকিলে বেংকৰ কৰ্মচাৰীয়ে গৈ ঘৰতে কৰি দিব বুলি জানিব দিয়ে। এইক্ষেত্ৰত জিলা প্ৰশাসন বা বেংকৰ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ উপায়ুক্তই আহবান জনায়। ষাঠি উধ্বৰ কোনো লোকেই বেংকলৈ আহিব নালাগে তেওঁলোকৰ কাম সমূহ ঘৰতে কৰি দিয়া হব এইদৰে কয় উপায়ুক্ত দিলীপ কুমাৰ বৰাই। আনহাতে মাঘ বিহুৰ সময়ত সমগ্ৰ অসমবাসীয়ে ঘৰতে বিহু উদযাপন কৰাৰ লখীয়াকৈ সমাগত ঈদো ঘৰত থাকিয়ে পালন কৰিবলৈ আহবান জনায়।

ঈদৰ বজাৰৰ নামত কাপোৰ কিনাৰ নামত ৰাইজক ওলাই নাহিবলৈ তেওঁ আহবান জনায়। পিছত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক‘ৰণা ভাইৰাছৰ কোনো প্ৰতিষেধক আজিলৈকে ওলোৱা নাই বুলি কৈ একমাত্ৰ সামাজিক দূৰত্ব আৰু ঘৰতে আবদ্ধ থকাই ইয়াৰ একমাত্ৰ প্ৰতিষেধক। যদিও দৰং জিলাৰ গ্ৰীণ জ‘নত অন্তৰ্ভুক্ত হৈছে ৰাইজে এতিয়াহে অধিক সৰ্তক হোৱাৰ প্ৰয়োজন বুলি তেওঁ কয়। ইফালে নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে বজাৰ পৰিদৰ্শন আকস্মিক পৰিদৰ্শন কৰি দিয়া কঠোৰ নিৰ্দেশনাক মঙ্গলদৈবাসীয়ে আদৰণি জনাইছে। মঙলদৈ নাগৰিক মঞ্চ, মঙ্গলদৈ জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, সাহিত্য সভা, মঙ্গলদৈ প্ৰেছ ক্লাৱ, মঙ্গলদৈ বণিক সন্থাও আদৰণি জনাইছে।

লগতে পঢ়কঃ পিতৃ-মাতৃৰ 36 বছৰীয়া বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা অভিনেত্ৰী সোনম কাপুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.