ETV Bharat / state

Congress rally at Dalgaon: দলগাঁৱত কংগ্ৰেছৰ বিশাল জনসভা

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:41 PM IST

দৰঙৰ খাৰুপেটীয়াত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা ৷ বৃহস্পতিবাৰে দলগাঁৱত কংগ্ৰেছে আয়োজন কৰিলে গণ সমাবেশ ৷ ‘‘ক্ষমতাই মূৰত ধৰিছে মুখ্যমন্ত্ৰীৰ’’ এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

Congress meets at Dalgaon
দলগাঁৱত কংগ্ৰেছৰ পানী নসৰকা প্ৰতিশ্ৰুতি

দলগাঁৱত কংগ্ৰেছৰ পানী নসৰকা প্ৰতিশ্ৰুতি

দৰং, 12 অক্টোবৰ : বুধবাৰে কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাৰ চৰ্চাৰ পাচতে বৃহস্পতিবাৰে দলগাৱঁত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক বিশাল গণ সমাৱেশ । অসমত যেন ‘24 ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে কংগ্ৰেছে ৷

দৰঙৰ দলগাঁৱৰ বালুগাঁও আলিকাষত কংগ্ৰেছৰ এই গণ সমাৱেশ অনুষ্ঠিত হয় ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ অসম কংগ্ৰেছৰ প্ৰায় সকলো সাংসদ, বিধায়ক গণ সমাৱেশত উপস্থিত থাকে ৷ বিজেপি আৰু এ আই ইউ ডি এফৰ গোপন মিতিৰালিৰ পিছত ধৰ্মৰ নামত বিভাজন অনা বিজেপিৰ বিৰুদ্ধে ৰাইজ মাৰ বান্ধি ওলাই আহিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ-বিধায়কে ৷

সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছমুক্ত কৰিব বিচৰা সপোন পূৰণ নহ'ব । এইবাৰ বিজেপিৰ পৰাজয় হ'ব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব । হিন্দু-মুছলমানৰ ৰাজনীতি বিজেপিয়ে কৰে ৷ আমি তাৰ বিৰুদ্ধে যুঁজিব লাগিব ৷ আমি হিন্দুৰ কাৰণে অধিকাৰ, মুছলমানৰ কাৰণে আত্মমৰ্যদাৰে জীয়াই থকাৰ সংগ্ৰাম কৰিব লাগিব ৷’’

বিজেপি আৰু আজমলৰ মিত্ৰতাৰ সন্দৰ্ভত গগৈয়ে কয়, ‘‘ যদিও দেখুৱাই মিত্ৰতা নকৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত আৰু আজমলৰ মাজত গোপন মিতিৰালি আছে ৷ বিজেপিৰ ‘বি’ টীম হৈ কাম কৰা আজমলক এইবাৰ I.N.D.I.A মিত্ৰজোঁটত চামিল হ’বলৈ দিয়া নাই ৷’’

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাষণ প্ৰসংগত কয় যে, আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব আৰু প্ৰধানমন্ত্ৰী হ'ব যুৱ নেতা ৰাহুল গান্ধী । কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে প্ৰতিগৰাকী মহিলাক মাহত 2500 টকাকৈ প্ৰদান কৰা হ'ব । 1200 টকাৰ গেছ ছিলিণ্ডাৰ 500 টকাত যোগান ধৰা হ'ব । 200 ইউনিট বিদ্যুৎ বিনামূলীয়া কৰা হ'ব ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ দলক আফগানিস্তানৰ তালিবান চৰকাৰ অথবা পাকিস্তান চৰকাৰৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনোৱাৰ প্ৰসংগত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ সাংসদ বৰদলৈয়ে কয়, ‘‘এসময়ত কংগ্ৰেছৰ পৰা বিধায়ক, মন্ত্ৰী হোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ধৰণৰ মন্তব্য কৰাতো অতি দুৰ্ভাগ্যজনক ৷ কি সাহসত কংগ্ৰেছক এনেদৰে কৈছে ৷ ক্ষমতাই মূৰত ধৰিছে ৷ সেয়ে তেওঁ প্ৰলাপ বকিছে ৷’’

লগতে পঢ়ক:Child Marriage Punishment: বাল্য বিবাহত জড়িত টেণ্ট হাউচ, চাহ বিলোৱাজনেও কৰিব লাগিব জে’ল যাত্ৰা!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.