দলগাঁও,১৬ ফেব্ৰুৱাৰী: খাৰুপেটীয়া থানাৰ অন্তৰ্গত নদীৰমুখ গাঁৱত মঙলবাৰে আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিতে সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ সমগ্ৰ ঘটনাৰ ভয়ংকৰ দৃশ্য বন্দী হ'ল সাংবাদিকৰ কেমেৰাত । আৰক্ষী,অৰ্ধ-সামৰিক বাহিনীৰ উপস্থিতিত সংঘটিত মাৰপিটৰ ভয়ংকৰ কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। উল্লেখ্য যে, ভূমি কেন্দ্ৰীক সংঘাতৰ বাবেই চাউলখোৱা চাপৰিৰ আনোৱাৰ হাজীৰ নেতৃত্বত এটা বৃহত দলে দা, লাঠি, ইটা আদি লৈ নদীৰমুখ গাঁৱৰ চাৰি ভাতৃ ছুলেমান, আকবৰ আলী, হাচেন আলি আৰু গাজিউৰ ৰহমানৰ মাটিৰ এটা অংশৰ চাৰিওফালে জেওৰা দি টিনৰ চালিৰে ঘৰ বনাই দখল কৰে । ইয়াৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৰ সদস্যই বাধা দিয়াৰ লগতে খাৰুপেটীয়া আৰক্ষীক অৱগত কৰি এজাহাৰ দিয়ে।
এজাহাৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ এটা দল অৰ্ধ-সামৰিক বাহিনী সহ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ সময়তে চাউলখোৱা চাপৰিৰ আনোৱাৰ হাজীৰ নেতৃত্বত আব্দুল জব্বৰ, চকমান আলি, আমজাদ আলি, আনোৱাৰ হুছেইন, খলিলুৰ ৰহমানকে আদি কৰি বৃহৎ দলটোৱে আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত দা,লাঠি,ইটাৰে আক্ৰমণ কৰাত ৭ গৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয় ।
আহত সকলক ততাতৈয়াকৈ খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে । ইফালে নিৰাপত্তা হীনতাত ভোগা ভোক্তভোগী পৰিয়ালৰ হৈ মোশাৰফ হুছেইনে খাৰুপেটীয়া থানাত আক্ৰমণকাৰী দলটোৰ ১১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়কঃ নিৰ্বাচনী যুঁজলৈ সাজু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ