ETV Bharat / state

Assam Skill University: মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 6, 2022, 4:54 PM IST

দেওবাৰে মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ এই বিশ্ববিদ্যালয়খনৰ লক্ষ্য হৈছে দক্ষতা আৰু দক্ষতা-আধাৰিত শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ লগতে উদ্যমিতা বিকাশ কৰা ৷

CM holds bhoomi pujan of Assam Skill University at Mangaldoi
Assam Skill University: মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

মঙলদৈ, 6 নৱেম্বৰ: মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মঙলদৈৰ সাংসদ দিলীপ শ‍ইকীয়াকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মঙলদৈত স্থাপন হ'বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ অনুষ্ঠান সম্পন্ন কৰা হয় (Assam Skill University at Mangaldoi)৷

মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

2020 চনৰ ১৯ অক্টোবৰত অসম দক্ষতা বিশ্ববিদ্যালয় আইন ২০২০ ৰ (Assam Skill University Act 2020) দ্বাৰা ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে ইয়াক স্বীকৃতি প্ৰদান কৰা হৈছে ৷ এই বিশ্ববিদ্যালয়খনৰ লক্ষ্য হৈছে দক্ষতা আৰু দক্ষতা-আধাৰিত শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ লগতে উদ্যমিতা বিকাশ কৰা ৷

লগতে অসমৰ দক্ষতা পৰিস্থিতিতন্ত্ৰৰ সুৰুঙাবোৰ দূৰ কৰা (CM holds bhoomi pujan of Assam Skill University) ৷ অসম দক্ষতা বিশ্ববিদ্যালয় সমগ্ৰ পূব ভাৰতৰ ভিতৰতে প্ৰথম এনে ধৰণৰ বিশ্ববিদ্যালয় হ'ব, য'ত অত্যাধুনিক সা-সুবিধাৰ লগতে বিভিন্ন খণ্ডৰ বিভিন্ন ধৰণৰ দক্ষতা চাহিদা পূৰণৰ বাবে কেইবাখনো বিশেষ বিভাগীয় বিদ্যালয় থাকিব ৷

বিশ্ববিদ্যালয়খনে প্ৰগতি আৰু গতিশীলতাৰ পথ সুনিশ্চিত কৰিবলৈ আৰু একত্ৰিত আৰু সামগ্ৰিক পদ্ধতিৰে নমনীয় শিক্ষণ প্ৰণালীৰ যোগেদি দক্ষতা শিক্ষাৰ প্ৰচাৰ কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি বিভিন্ন স্তৰত কাৰ্য্যক্ষম আৰু পাৰদৰ্শী যুৱ প্ৰজন্মৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব । এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যত অসম চৰকাৰে এই বিশ্ববিদ্যালয়খন স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ৷

যদিও, বিশ্ববিদ্যালয়খন ২০২৭ বৰ্ষতহে সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ আগতেই অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে এটা অন্তৱৰ্তীকালীন চৌহদ স্থাপন কৰি 2023 বৰ্ষৰ ভিতৰত ইয়াক কাৰ্যক্ষম কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

এই বিশ্ববিদ্যালয়খনে নতুন শিক্ষা নীতি-২০২০ ৰ সৈতে সামঞ্জস্যপূর্ণভাৱে দক্ষতা প্ৰশিক্ষণক সাধাৰণ শিক্ষা ব্যৱস্থাৰ সৈতে একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ এই অনুষ্ঠানত নিকটৱর্তী জিলাৰ পৰা কমেও ১২,০০০ উৎসাহী জনসাধাৰণে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Lok Sabha election 2024: প্ৰাৰ্থিত্বৰ বাবে সমষ্টিয়ে সমষ্টিয়ে শাসকীয় দলে চলাইছে জৰীপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.