ETV Bharat / state

2000 টকাৰ বাবে কাৰ্যালয়ৰ ভিতৰতে মাৰপিট দুই বিষয়াৰ - Injured MVI Biren Deuri and Enforcement officer Dipak Patowary

দুই হাজাৰ টকাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটত লিপ্ত হ'ল দৰং জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী ৷ পৰিবহণ বিভাগৰ এম ভি আই বীৰেন দেউৰী আৰু এনফ’ৰ্চমেন্ট বিষয়া দীপক পাটোৱাৰীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷

টকাক কেন্দ্ৰ কৰি দৰঙৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত সংঘটিত মাৰপিটৰ ঘটনা
author img

By

Published : Nov 15, 2019, 9:06 PM IST

মঙলদৈ, 15 নৱেম্বৰ: দুই হাজাৰ টকাক কেন্দ্ৰ কৰি দুই বিষয়াৰ মাজত বিবাদৰ সৃষ্টি হৈছে দৰং জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ৷ মাত্ৰ দুই হাজাৰ টকাক কেন্দ্ৰ কৰি সংঘটিত হ'ল প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ পৰিবহণ বিভাগৰ এম ভি আই বীৰেন দেউৰী আৰু এনফ’ৰ্চমেন্ট বিষয়া দীপক পাটোৱাৰীৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা

বৃহস্পতিবাৰে পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে সংঘটিত হয় এই ঘটনা । দুই বিষয়াৰ সংঘাতৰ ফলত কাৰ্যালয়টোৰ বিভিন্ন সামগ্ৰীৰ ক্ষতিসাধন হয় । ইপিনে দুয়োগৰাকী বিষয়াই ঘটনা সন্দৰ্ভত মঙলদৈ থানাত পৃথকে-পৃথকে এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি ঘটনা সম্পৰ্কে কোনো এজন বিষয়াই মুখ খুলিব বিচৰা নাই ৷ বিষয়া দুগৰাকীৰ আচৰণে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে ৷

2000 টকাৰ বাবে কাৰ্যালয়ৰ ভিতৰতে মাৰপিট দুই বিষয়াৰ

ঘটনাত আহত হয় এম ভি আই বীৰেন দেউৰী ৷ আনহাতে, কাৰ্যালয়ৰ ভিতৰৰ কাঁচ ভাঙি আঘাতপ্ৰাপ্ত হয় এনফ’ৰ্চমেন্ট বিষয়া দীপক পাটোৱাৰী । লক্ষণীয় যে, বৃহস্পতিবাৰে ঘটনাটো সংঘটিত হোৱাৰ সময়ত জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কাৰ্যালয়ত উপস্থিত নাছিল । সেয়ে ঘটনা সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, প্ৰায়ে উৎকোচ লোৱাক কেন্দ্ৰ কৰি দুয়োগৰাকী বিষয়াৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ অভিযোগ একাংশ ৰাইজৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে খাৰুপেটীয়াত এখন বাহন জব্দ কৰা হৈছিল ৷ জব্দকৃত বাহনখনক কেন্দ্ৰ কৰিয়ে সংঘটিত হৈছিল সমগ্ৰ কাণ্ড । ইতিমধ্যে মঙলদৈ থানাত এই সংক্ৰান্তত 353/326 নং ধাৰাত 924/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে চাওক:পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ "মহাবীৰ লাচিত বঁটা"

Intro:# দুই হাজাৰ টকাৰ কাৰণে জিলা পৰিবহন বিভাগৰ কায্যালয়ৰ দুই বিষয়াৰ মাজত মাৰপিত ।

#MVI বীৰেন দেউৰী আৰু এনফৰচমেন্ট ইন্সপেক্টৰ দীপক পাটোৱাৰীৰ মাজত এই সংঘাত ।

# কায্যালয়ৰ ভিতৰতে সংঘটিত হল এই ঘটনা ।

# কায্যালয়ৰ টেবুলৰ আইনা ভাগী চুৰমাৰ।
# সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত ।
#দুয়ো গৰাকী বিষয়াই মঙলদৈ থানাত এজাহাৰ দাখিল ।
# দুই হাজাৰ টকাৰ ৰহস্যৰ কথা কব নিবিচাৰে কোনো গৰাকী বিষয়াই ।
Body: দৰং জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত সংঘটিত হল আজৱ কাণ্ড।
দুজন বিষয়াৰ মাজত দুহেজাৰ টকাকলৈ সংঘটিত হল প্ৰচণ্ড মাৰপিট। আনকি চৰকাৰী কাৰ্যালয় এটাৰ ভিতৰত সংঘটিত এই মাৰপিটত বীৰেন দেউৰী নামৰ এমভিআই জনৰ হাতৰ তৰ্জনী আঙুলিয়েই ফালি যায়। আনফালে কায্যালয়ৰ ভিতৰত টেবুলৰ গ্লাছ ভাঙি যোৱাত আঘাতপ্ৰাপ্ত হয় এনফৰচমেন্ট ইন্সপেক্টৰ দীপক পাটোৱাৰী ।
অৱশ্যে পাছলৈ মাৰপিট সন্দৰ্ভত দুয়ো গৰাকী বিষয়াই মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰে । লক্ষনীয় যে ঘটনা সংঘটিত হোৱাৰ সময়ত জিলা পৰিবহন বিষয়া নাছিল কাৰ্যালয়ত।
এই বিষয়ে জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণই অজ্ঞতা প্ৰকাশ কৰে লগতে সমগ্ৰ ঘটনা তদন্ত হোৱাৰ আশ্বাস দিয়ে ।
উল্লেখযোগ্য যে প্ৰায়ে ধন লোৱাক লৈ দুয়ো গৰাকী বিষয়াৰ মাজত সংঘটিত হয় সংঘাত ।
খাৰুপেটীয়াৰ এখন বাহন জব্দকলৈ সংঘটিত হৈছিল সমগ্ৰ কাণ্ড । । শেহতীয়াভাৱে মঙলদৈ থানাত 353/326 নং ধাৰাত ৯২৪/১৯ নং গোচৰ ৰুজু কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.