দৰং, 7 নৱেম্বৰ : দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক CID ৰ মাৰাথন জেৰা (CID grilling suspend ASP Rupam Phukan) ৷ গুৱাহাটীৰ উলুবাৰীস্থিত CID কাৰ্যালয়ত জেৰা চলি আছে ৰূপম ফুকনৰ । ধূলাৰ ঘটনা সন্দৰ্ভত জেৰা কৰা হৈছে APS বিষয়াগৰাকীক । ধূলাৰ নাৰকীয় ঘটনা পোহৰলৈ অহাৰ পিছতেই নিলম্বন হৈছিল নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক (ASP Rupam Phukan) ৷
উল্লেখযোগ্য যে, বিগত ১১ জুনত দৰঙৰ ধূলাত SSB জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহ উদ্ধাৰ হৈছিল বনকৰা কিশোৰীৰ মৃতদেহ (Dhula murder case) । ঘটনাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিশোৰীগৰাকীৰ মৃত্যু লৈ হৈছিল প্ৰতিবাদ । প্ৰতিবাদৰ পিছতেই কিশোৰীগৰাকীৰ ঢেকীয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ঘটনাটোৰ তদন্তৰ বাবে CID ত ২০/২০২২ নম্বৰত ৰুজু হৈছিল এটা গোচৰ ।
CID ৰ DIG দেৱৰাজ উপাধ্যায় আৰু SSP ইন্দ্ৰানী বৰুৱাৰ নেতৃত্বত সমগ্ৰ ঘটনা তদন্তৰ বাবে গঠন কৰা হৈছিল এটা SIT । এই SIT ৰ তদন্তত পোহৰলৈ আহিছিল কিশোৰীগৰাকীৰ মৃত্যুৰ সময়ত আৰক্ষীয়ে কৰা তদন্তৰ গাফিলতিৰ তথ্য । সেই ঘটনাৰ পিছতেই পুতি থোৱা অৱস্থাৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছিল GMCH লৈ ।
মৃতদেহটো বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰাত পোহৰলৈ আহে যে, কিশোৰীগৰাকীক হত্যা কৰি ৰূপ দিয়া হৈছিল আত্মহননৰ । সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাক গাপ দিয়াৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াই ৫ লাখ টকা উৎকোচ লোৱাৰ তথ্য পোৱা গৈছিল । ইয়াৰ পিছতেই এই গোচৰৰ ভিত্তিতেই CID য়ে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক গ্ৰেপ্তাৰ কৰে ।
সমগ্ৰ ঘটনা অন্য ৰূপ দিয়াৰ চেষ্টাত সহায় কৰাৰ অভিযোগত ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক CID যে, গ্ৰেপ্তাৰ কৰে (Dhula OC arrested) ৷ গ্ৰেপ্তাৰ হোৱা ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক CID ৰ জেৰা কৰে ৷ এই হত্যাকাণ্ডৰ ঘটনা গাব দিব বিচৰাৰ অভিযোগত গুৱাহাটীৰ উলুবাৰীস্থিত CID কাৰ্যালয়ত জেৰা চলি আছে ৰূপম ফুকনৰ ৷
লগতে পঢ়ক: Dhula OC Arrested: চি আই ডিয়ে ছীল কৰিলে নিলম্বিত অ’ চি উৎপল বৰাৰ ভাড়াঘৰ