ETV Bharat / state

কৰ'ণা আতংকৰ মাজতে অস্থায়ী স্বাস্থ্যকৰ্মীৰ অৱস্থান ধৰ্মঘট - দৰং জিলা

বুধবাৰে মঙলদৈ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য়ালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহিল একাংশ অস্থায়ীভাৱে নিযুক্ত স্বাস্থ্য়কৰ্মী ৷ বহুবাৰ আবেদন-নিবেদন কৰাৰ পিচতো সম্প্ৰতি চৰকাৰে তেওঁলোকৰ সলনি আন ঠাইৰ লোকক নিয়মীয়াকৰণ কৰিব বিচৰাৰ অভিযোগ তেওঁলোকৰ ৷

casual health workers protest in mangaldoi

author img

By

Published : Jun 24, 2020, 8:24 PM IST

দৰং, 24 জুনঃ মঙলদৈ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য়ালয়ৰ সন্মুখত বুধবাৰে অৱস্থান ধৰ্মঘটত বহিল একাংশ স্বাস্থ্যকৰ্মী ৷ দৰং জিলাৰ ভিন্ন চিকিৎসালয়ত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে ৰূপায়ন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ সুদীৰ্ঘ বছৰে তেওঁলোকে কাম কৰি থকাৰ পিচতো সম্প্ৰতি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত কোনো লোকক আনি সেই পদসমূহত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷

মঙলদৈত অৱস্থান ধৰ্মঘট অৰ্ধ শতাধিক অস্থায়ী স্বাস্থ্যকৰ্মীৰ

উল্লেখ্য যে, দৰঙৰ ভিন্ন স্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়ত আছে 140 গৰাকীকৈ অস্থায়ী কৰ্মচাৰী ৷ কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়মীয়াকৰণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও, এই বিষয়ত কোনোদিন ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ তেনে স্থলত জিলাখনৰ খাৰুপেটী, বুঢ়ীনগৰ, চিপাঝাৰ আদিকে ধৰি বহু স্বাস্থ্য কেন্দ্ৰত বিগত 20-30 বছৰে কাম কৰি অহা লোকসকলক নিয়মীয়াকৰণ কৰাৰ সলনি বহিৰাগত লোকক নিযুক্তি দিয়াৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে ৷ বহিৰাগত লোকসকলক কোনোপধ্যেই সেই চাকৰিত যোগদান কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.